গোৱালপাৰাৰ খলিছা ভিটাত নামনি অসম গ্ৰাম্য মহোৎসৱৰ শুভাৰম্ভ

গোৱালপাৰাৰ খলিছা ভিটাত নামনি অসম গ্ৰাম্য মহোৎসৱৰ শুভাৰম্ভ

গোৱালপাৰাৰ খলিছা ভিটাত নামনি অসম গ্ৰাম্য মহোৎসৱৰ শুভাৰম্ভ। ১ মাৰ্চৰ পৰা ১০ মাৰ্চলৈ ১০ দিনীয়া কাৰ্যসূচীৰে পালন কৰা হব মহোৎসৱ। মহোৎসৱলৈ বৈছে ৰাইজৰ সোঁত। বিভিন্ন জিলাৰ পৰা আহিছে বহু ব্যৱসায়িক প্ৰতিষ্ঠান। গ্ৰাম্য মহোৎসৱ এক প্ৰকাৰ মেলা মহোৎসৱলৈ পৰ্যবসিত। 

গোৱালপাৰা - ধুবুৰী জিলাৰ সীমান্ত খলিছা ভিটা তাৰাংঝাৰ ব্ৰিজৰ কাষত হিন্দু শ্মশান পথাৰত আয়োজিত নামনি অসম গ্ৰাম্য মহোৎসৱ ১ মাৰ্চ ৰ পৰা ১০ মাৰ্চলৈ চলিব। ইতিমধ্যে মহোৎসৱৰ প্ৰস্তুতিৰ কাম সম্পূৰ্ণ হৈ উঠিছে আৰু দূৰ দুৰণিৰ পৰা আকৰ্ষণীয় দোকান পোহাৰৰ সমাগম ঘটিছে । ১ মাৰ্চ সোমবাৰ  পুৱা ৮ বজাত মহোৎসৱৰ মূল তোৰণ উদ্ধোধন কৰে দুলাল চন্দ্ৰ দাসে আৰু সহযোগিতা কৰে বিশিষ্ট সমাজ সেৱক  মুনছেৰ আলী। ৮ঃ৩০ বজাত মহোৎসৱৰ কৰ্মকৰ্তা সকলৰ ছাফাই অভিযান পুৱা ৯ বজাত মহোৎসৱৰ পতাকা উত্তোলন কৰে মহোৎসৱ উদযাপন সমিতিৰ সভাপতি দুলাল চন্দ্ৰ দাসে। ৯:৩০ বজাত মহোৎসৱ উদযাপন সমিতিৰ সম্পাদক ৰবিউজ জামান মণ্ডলৰ নেতৃত্বত বৃক্ষৰোপণ আৰু  ১০ বজাৰ পৰা খেল-ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত হয়। বিয়লি ২ বজাত মুল মঞ্চ উদ্বোধন কৰে খলিচভিটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত শিক্ষক আব্দুল কাশেম, শিক্ষক আজিজুৰ ৰহমান, হামিদাবাদ মহাবিদ্যালয়ৰ অধ্যাপক আমিৰ আলী।  উদ্বোধনী গীত  পৰিবেশন কৰে  সাতশিয়া জনকল্যাণ হাই মাদ্ৰাছাৰ প্ৰধান শিক্ষক জালাল উদ্দিন ও ছাত্ৰ-ছাত্ৰী সকলে। মানুহ মানুহৰ বাবে গীতৰ নৃত্য পৰিবেশন কৰে জামাদাৰহাট, তাৰাংঝাৰ ডাক্স একাডেমিৰ ছাত্ৰ ছাত্ৰী সকলে। 

সন্ধিয়া ৭ বজাত বন্তি প্ৰজ্বলন কৰি সাংস্কৃতিক অনুষ্ঠান উদ্ধোধন কৰে গোৱালপৰীয়া লোকগীতৰ গায়িকা ৰহিমা কলিতা বেগমে।



Post a Comment

0 Comments