বিলাসীপাৰা পশ্চিম সমষ্টিৰ নায়েৰ আলগাত অসম গণ পৰিষদ দলৰ বুথ সন্মিলনী সভা-
সমাগত বিধানসভা নিৰ্বাচনৰ কেন্দ্ৰ কৰি বিলাসী পাৰা পশ্চিম সমষ্টিৰ নায়েৰ আলগাত অসম গণ পৰিষদ দলৰ বুথ সন্মিলনীৰ সভা যোৱা অনুষ্ঠিত হৈ যায়। সভাত সভাপতিত্ব কৰে স্হানীয় প্ৰবীণ সাংবাদিক হজৰত আলী চাহাবে। উক্ত সভাত মুখ্য অতিথি হিচাপে অসম গণ পৰিষদ দলৰ উপ- সভাপতি তথা বিলাসীপাৰা পুৱ সমষ্টিৰ প্ৰাক্তন বিধায়ক প্ৰশান্ত কুমাৰ বৰুৱা দেৱে উপস্থিত থাকি আগন্তুক বিধানসভা নিৰ্বাচন সম্পৰ্কে বিস্তাৰিতভাৱে ভাষন প্ৰদান কৰাৰ লগতে বিলাসী পাৰা পশ্চিম সমষ্টিত নিশ্চিত ভাৱে অগপ দলৰ প্ৰাৰ্থী জয়ী হ'ব বুলি সভায় উপস্থিত থকা ৰাইজক অৱগত কৰে।
বিশিষ্ট অতিথি হিচাপে অগপৰ বিলাসী পাৰা জিলা সমিতিৰ সাধাৰণ সম্পাদক জীতেন শৰ্মা দেৱে ভাষন প্ৰদান কৰি কয় যে বিলাসী পাৰা পশ্চিম সমষ্টিত যি দলে চৰকাৰ গঠন কৰিব সেই দলে পক্ষে ভোট দিয়াৰ ভাৱে ৰাইজক আহ্বান জনায়। তেওঁ পশ্চিম সমষ্টিৰ বিধায়ক হাফিজ বছিৰ আহমেদ কাছেমীক ভোট দি কোনো লাভ নাই বুলি ৰাইজক অৱগত কৰে। উক্ত সভাত বিলাসী পাৰা পশ্চিম সমষ্টিৰ অগপৰ দলৰ আশাবাদী প্ৰাৰ্থী যুৱ নেতা মনোৱাৰ হুছাইন চাহাবে উপস্থিত থাকি ভাষন প্ৰসংগত কয় যে আগন্তুক বিধানসভা নিৰ্বাচনত অগপ দলৰ প্ৰাৰ্থীত্ব লাভ কৰিব আৰু নিৰ্বাচনত বিজয়ী হোৱাটো নিশ্চিত বুলি জানিবলৈ দিয়ে।লগতে বিলাসী পাৰা পশ্চিম সমষ্টিত বিগত দিনত কোনো কাম নোহোৱা কাম কৰি দেখুৱাব বুলি জানিবলৈ দিয়ে। বিলাসী পাৰা পশ্চিম সমষ্টিৰ বিধায়ক হাফিজ বছিৰ আহমেদ কাছেমীৰ বিৰুদ্ধে কঠোৰ সমালোচনা কৰে আৰু আগন্তুক বিধানসভা নিৰ্বাচনত টালি টোপোলা বান্ধি গোৱালপাৰা লৈ বিদায় দিব বুলি জানিবলৈ দিয়ে। উক্ত সভাত অসম বেংগল জনপ্ৰিয় গায়িকা তথা অনাতাঁৰ শিল্পী কুকিলা সৰকাৰে সভাৰ উদ্ধোধনী গীত পৰিৱেশন কৰাৰ লগতে কেইটিমান গোৱালপৰীয়া লোকগীত আৰু বিচ্ছেদ গীত পৰিৱেশন কৰিছ সভায় উপস্থিত থকা ৰাইজক আপ্লুত কৰি তোলে। সভাত সহস্ৰাধিক ৰাইজ উপস্থিত থাকে।

0 Comments