গোৱালপাৰা পশ্চিম সমষ্টিত ডাঃ সাজিদ হুচেইন কংগ্ৰেছ দলৰ টিকটৰ শক্তিশালী দাবীদাৰ: সমষ্টিত চলিছে বিধায়ক ৰচিদ মন্ডল বিৰোধী ঢৌ:

গোৱালপাৰা পশ্চিম সমষ্টিত ডাঃ সাজিদ হুচেইন কংগ্ৰেছ দলৰ টিকটৰ  শক্তিশালী দাবীদাৰ: সমষ্টিত চলিছে বিধায়ক ৰচিদ মন্ডল বিৰোধী ঢৌ:


অসম বিধান সভাৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে গোৱালপাৰা পশ্চিম সমষ্টিত বৃদ্ধি পাইছে কংগ্ৰেছ দলৰ বিধায়ক ৰচিদ মন্ডল বিৰোধী ঢৌ। কংগ্ৰেছ দলৰ জেষ্ঠ নেতা কৰ্মী সকলে বিধায়ক  মন্ডলৰ বিৰুদ্ধে আৰাম্ভ কৰিছে মুকলি বিদ্ৰোহ। দলৰ হাই কমান্ডৰ ওচৰত ইতিমধ্যেই সাত আঠ গৰাকী প্ৰাৰ্থীত্ব প্ৰত্যাশীয়ে ক্ষোভ উজাৰি দলীয় টিকট বিচাৰে। এনে অৱস্থাত ধুবুৰী লোকসভা সমষ্টিৰ প্ৰয়াত সাংসদ আহমেদ হুচেইনৰ উচ্চ শিক্ষিত পুত্ৰ এম. বি.বি.এচ.,এম.ডি. (ৰেডিওলজিষ্ট)ডাঃ সাজিদ হুচেইন কংগ্ৰেছ দলৰ টিকটৰ শক্তিশালী দাবীদাৰ হিচাপে সমষ্টিত উঠিপৰি লাগিছে। আজি এক সাক্ষাৎকাৰত ডাঃ সাজিদ হুছেইনে কয় যে অসমৰ সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহ অতিকৈ পিছ পৰা। সংখ্যালঘু ৰাইজে ভোট দি নিৰ্বাচিত কৰা জনপ্ৰতিনিধি সকলে সংখ্যালঘুৰ দূখ: দূৰ্দশাৰ বিষয়ে বিধান সভাত একো নকয়। যাৰ বাবেই ডি ভোটাৰ, এন আৰ ছি আদি সমস্যা সমুহৰ সমাধান নহল। এই সমষ্টি সমূহত আওপুৰণি কৃষি ব্যৱস্থাৰ পৰিবৰ্তন, অত্যাধুনিক স্বাস্থ্য সেৱা, উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান, বাট-পথৰ উন্নয়ন, বানপানী-গঢ়াখহনীয়া প্ৰতিৰোধ আদিৰ অৱস্থা তথৈবচ। ইয়াৰ একো পৰিবৰ্তন নহল। এই সমস্যা সমূহৰ ক্ষীপ্ৰ সমাধান কল্পেই ডাঃ হুচেইনে ৰাজনীতি লৈ আহিছে বুলি কয় । গোৱালপাৰা পশ্চিম সমষ্টিৰ চৰত তেওঁৰ মাটিবাৰী আছে বুলিও তেঁও লগতে কয়। ইতিমধ্যেই ডাঃ সাজিদ হুচেইনে গোৱালপাৰা পশ্চিম সমষ্টিৰ বিভিন্ন প্ৰান্তত সভা-সমিতি পাতি ৰাইজৰ সমৰ্থন পাবলৈ সক্ষম হৈছে। 


Post a Comment

0 Comments