পশ্চিম গোৱালপাৰাৰ খুৰমুজা আৰু কৰাইখোৱা গাওঁত ভয়ংকৰ অগ্নিকাণ্ড-

পশ্চিম গোৱালপাৰাৰ খুৰমুজা আৰু কৰাইখোৱা গাওঁত ভয়ংকৰ অগ্নিকাণ্ড-


পশ্চিম গোৱালপাৰাৰ খুৰমুজা গাওঁ পঞ্চায়তৰ অন্তৰ্গত খুৰমুজা আৰু কৰাইখোৱা গাওঁত ভয়ংকৰ অগ্নিকাণ্ড। কৰাইখোৱা গাওঁৰ ছামান আলীৰ ঘৰত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। জানিব পৰা মতে অচিনাকী দুৰ্বৃত্তই জুই সংযোগ কৰে খেৰৰ পুঁজিত নিমিষতে জুইত জাহ গ'ল খেৰপুজিৰ লগতে এখন ঘৰ আনফালে  একে সময়তে খুৰমুজা গাওঁৰ ময়দান আলীৰ খেৰৰ পুঁজিত জুই সংযোগ কৰে দুৰ্বৃত্তই। নিমিষতে জুইত জাহ গ'ল খেৰপুজি।বিগত এটা মাহত পশ্চিম গোৱালপাৰাৰ ভিন্ন প্ৰান্তত প্ৰায়েই কেৱল আৰু কেৱল খেৰৰ পুজিত জুই লগাৰ ঘটনাই আচলতে চিন্তনীয় বিষয়  হিচাপে চিহ্নিত হৈছে। অতি আচৰিতজনক ভাৱে কোনো কাষৰ ঘৰত বা অন্য ধৰণে এই জুই লগা নাই বুলি প্ৰত্যেক জন ক্ষতি হোৱা গৃহস্থই জনাইছে তেনেস্থলত এই জুইৰ  সংযোগ কেনেকৈ?? সকলোৰে বাবে  এক নুবুজা সাথৰ ।

 

Post a Comment

0 Comments