আগন্তুক বিধানসভা নিৰ্বাচনত বিলাসী পাৰা পুৱ সমষ্টিত নন্দা দেৱী দাসক কংগ্ৰেছৰ প্ৰাৰ্থীত্ব পোৱাৰ দাবী ৰাইজৰ-

আগন্তুক বিধানসভা নিৰ্বাচনত বিলাসী পাৰা পুৱ সমষ্টিত নন্দা দেৱী দাসক কংগ্ৰেছৰ প্ৰাৰ্থীত্ব পোৱাৰ দাবী ৰাইজৰ-

ফৰিজ উদ্দিন আহমেদ, বিলাসীপাৰা-

অসম বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দলৰ লগতে ‌কংগ্ৰেছ দলৰ প্ৰাৰ্থীত্ব পোৱাৰ ‌কেন্দ্ৰ কৰি  ৰাইজৰ সমৰ্থন আদায় কৰাৰ বাবে প্ৰাৰ্থীত্ব প্ৰত্যাশিত সকলে সমষ্টি সমষ্টিত নামি পৰা পৰিলক্ষিত হৈছে। তেনে সময়তে ধুবুৰী জিলাৰ বিলাসীপাৰা পুৱ সমষ্টিৰ প্ৰাৰ্থীত্ব প্ৰত্যাশি হিচাপে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সম্পাদিকা নন্দা দেৱী দাসে সমষ্টি খনৰ চুকে কোনে পৰিভ্ৰমণ কৰি ৰাইজৰ লগত মত বিনিময় কৰে।

নন্দা দেৱী দাসে সমষ্টি খনৰ প্ৰাৰ্থীত্ব প্ৰত্যাশিত হিচাপে আগবাঢ়ি অহাৰ বাবে ৰাইজে উৎফুল্লিত হৈ পৰে।


সমষ্টি খনত নন্দা দেৱী দাসৰ দৰে উপযুক্ত কংগ্ৰেছ দলৰ প্ৰাৰ্থীত্ব প্ৰয়োজন আৰু নন্দা দেৱী দাসক কংগ্ৰেছৰ প্ৰাৰ্থীত্ব দিব লাগে বুলি ৰাইজে কংগ্ৰেছৰ হ হাইকামাণ্ডক সংবাদ মাধ্যমৰ জৰিয়তে দাবী জনায়।ৰাইজৰ যদি উন্নয়ন হৈছে সেয়া কংগ্ৰেছৰ দিনত হৈছে আৰু ৰাইজৰ কাৰণে যি আঁচনি প্ৰস্তুত হৈছে সেয়া কংগ্ৰেছৰ দিনত হোৱা বুলি ৰাইজে জানিবলৈ দিয়ে।বৰ্তমানৰ বিজেপি চৰকাৰ মিছলীয়া চৰকাৰ। কিয়নো  মহিলা ক্ষেত্ৰতে হ‌ওক বা পুৰুষৰ ক্ষেত্ৰে হ‌ওক বিজেপি চৰকাৰে যি আঁচনি দিছে সেয়া অধিকাংশ আঁচনি কংগ্ৰেছ চৰকাৰে দিনত হৈছে।বিজেপি চৰকাৰে ৰাইজৰ উন্নয়নৰ বাবে বৃদ্ধ পেঞ্চন, অৰুণোদয় আঁচনি, ছয়ম আঁচনিকে ধৰি বিভিন্ন আঁচনিৰ জৰিয়তে ৰাইজক স্বাৱলম্বিত কৰি তোলা বুলি দম্বালী মাৰি থকা দেখা গৈছে।

অথচ অধিকাংশ ৰাইজে উক্ত আচনিবোৰৰ পৰা বঞ্চিত হোৱা পৰিলক্ষিত হৈছে।

উদাহৰণ স্বৰূপে বিলাসী পুৱ সমষ্টিৰ বিভিন্ন অঞ্চলৰ লগতে ৰাণীগঞ্জ অঞ্চলৰ হিন্দু এলেকাসমূহত বহুতো বৃদ্ধ পুৰুষ মহিলাই বৃদ্ধ পেঞ্চনৰ পৰা বঞ্চিত হৈ থকা দেখা গৈছে আৰু বহুতো মহিলাই অৰুণোদয় আঁচনিৰ লগতে বিভিন্ন আচনিবোৰৰ পৰা বঞ্চিত হোৱা পৰিলক্ষিত হৈছে।মিথ্যা প্ৰতিশ্ৰুতিৰে বিজেপিয়ে ৰাইজক ভোট বেংক হিচাপে ব্যৱহাৰ কৰাৰ লগতে ৰাইজক হাৰাশাস্তি কৰি অহা পৰিলক্ষিত হৈছে।বিলাসীপাৰা পুৱ সমষ্টিৰ  বিধায়ক অশোক কুমাৰ সিংহী দেৱক ওফৰাবলৈ হ'লে সমষ্টি খনত কংগ্ৰেছে নন্দা দেৱী দাসৰ দৰে হিন্দু মহিলা প্ৰাৰ্থীত্ব প্ৰক্ষেপ কৰিব লাগে বুলি ৰাইজে দাবী জনায়।

Post a Comment

0 Comments