ৰাংঙ্গাপানী-বদলা সংযোগী পকী পথ নিৰ্মানত ব্যাপক দুৰ্নীতি।
স্বাহ স্বাহিন জামান আহমেদ, নগৰবেৰাৰ-
দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কোৱা বিজেপি চৰকাৰৰ দিনতে এগৰাকী ঠিকাদাৰে নামি পৰিছে এইবাৰ দুৰ্নীতিত আৰু এনে দুৰ্নীতি সংঘটিত হৈছে এইবাৰ নগৰবেৰাৰ বদলাত ৷
অতি নিম্নমানৰ কাম কৰি ঠিকাদাৰে লুটিছে লাখ লাখ টকা ৷ আৰু চৰকাৰী নীতি নীয়মক ভৰিৰে মোহাৰি ঠিকাদাৰে সংঘটিতে কৰিছে এই দুৰ্নীতি পথ নিৰ্মাণত হোৱা এনে দুৰ্নীতিৰ বিৰুদ্ধে নগৰবেৰাৰ বদলাত ৰাইজে সাৱস্ত কৰিলে তীব্ৰ প্ৰতিবাদ-
পকীপথ নিৰ্মাণত ঠিকাদাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে ৰাইজে সাৱস্ত কৰিলে এই প্ৰতিবাদ-
এই দৃশ্য নগৰবেৰাৰ বদলাৰ
ৰাংঙ্গাপানী-বদলা সংযোগী 4 কিঃমিঃৰ দৈৰ্ঘ্যৰ এই পথছোৱাত ঠিকাদাৰ গৌতম ব্ৰহ্ম আৰু খুঞ্জৰ আলীয়ে অধিক লাভৰ আশাত সংঘটিত কৰিছে ব্যাপক দুৰ্নীতি আৰু অনিয়ম ৷ ৰাইজৰ চকুত ধুলি দি এৰাতিৰ ভিতৰত নিৰ্মাণ কৰিছিল উক্ত পথছোৱা ৷ নিৰ্মাণ সম্পূৰ্ণ নহওতেই চপৰা চপৰে উঠিছে পথৰ পকী অংশ (BLack Toping) এই দৃশ্যলৈ মন কৰক আৰু এনেদৰেই খালি হাতেৰেই ছুলেই চপৰা-চপৰে এফালৰ পৰা উঠি গৈছে পথৰ পকী অংশ ৷ পথ নিৰ্মানত অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি আছে বুলি ৰাইজৰ অভিযোগ।
যাৰ বাবে উক্ত পথতেই বদলা বাসী ৰাইজে পথ অৱৰোধ কৰি সাৱস্ত কৰিলে তীব্ৰ প্ৰতিবাদ, কেৱল ইমানেই নহয় ঠিকাৰৰ লগত বিজেপিৰ এক গোপন সম্পৰ্ক থকাৰ কথাও ৰাইজে সন্দেহ কৰিছে নহলে এই পৰ্বত সম দুৰ্নীতি কেনেকৈ হব পাৰে বুলিও উল্লেখ কৰে ৰাইজে ৷
অচিৰেই চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক ইয়াৰ উচ্চ পৰ্যায়ৰ তদন্ত দাবী জনাই পথছোৱাৰ কাম ভালকৈ কৰিবলৈ দাবী জনাইজে প্ৰতিবাদী ৰাইজে ৷


0 Comments