গোৱালপাৰা জিলাৰ একাংশ পঞ্চায়তত চৰকাৰী ধণৰ অবাধ লুণ্ঠন। পঞ্চায়ত আৰু উন্নয়ন খণ্ড বিষয়াৰ ছত্ৰছায়াত এই দুৰ্নীতি সংঘটিত হৈছে বুলি অভিযোগ স্থানীয় ৰাইজৰ।
৭ ফেব্ৰুৱাৰী:ৰবিবাৰ-
স্থানীয় ৰাইজৰ অভিযোগ যে, MGNREGA অধিনিয়মত যিহেতু জব কাৰ্ডৰ হিতাধিকাৰীয়ে কাম কৰিব লাগে কিন্তু এইক্ষেত্ৰত দেখা গৈছে যে স্থানীয় হিতাধিকাৰী সকলক প্ৰাপ্যৰ পৰা বঞ্চিত কৰি পঞ্চায়ত খনৰ বাহিৰৰ হিতাধিকাৰীৰ নাম প্ৰকাশ কৰিছে তালিকাত। তৎসত্তেও হিতাধিকাৰীৰ হতুৱাই কাম নকৰাই ট্ৰেক্টৰ ব্যৱহাৰ কৰিছে কামখনত যদিও ইয়াৰ কোনো তথ্য নাই। স্থানীয় ৰাইজৰ আৰু অভিযোগ যে পঞ্চায়তৰ সভানেত্ৰী মনোৱাৰা খাতুন, আঞ্চলিক সদস্য আৰু খৰমুজা উন্নয়ন খণ্ড বিষয়া হাছান মাহমুদুলৰ ওচৰত অভিযোগ নামা দাখিল কৰিছিল যদিও পৰৱৰ্তী সময়ত অভিযোগৰ কাৰ্য্যকৰীৰ বিষয়ে জানিব বিচৰাত খণ্ড উন্নয়ণ বিষয়া হাছান মাহমুদুলে অভিযোগকাৰীক ভয় ভাবুকিৰ লগতে ধমকি দিয়ে ৰাইজক চুপ হৈ থাকিবলৈ। ইয়াৰোপৰি প্ৰতিবাদকাৰী জনতাক পঞ্চায়ত খনৰ বিষয়ববীয়াই টকাৰ প্ৰলোভন দেখুৱাই মুখ বন্ধ কৰিব বিচাৰিছিল বুলি অভিযোগ উঠায়। স্থানীয় ৰাইজে সদৰি কৰে যে পঞ্চায়ত সভানেত্ৰী গৰাকী কেৱল নামত যদিও কামে কাজে সকলো বিষয়তে তাইৰ স্বামী সৰ্বসেৰ্বা। গোপন সূত্ৰৰ পৰা জানিব পৰা গৈছে যে, পূৰ্বেও এইগৰাকী খণ্ড উন্নয়ণ বিষয়াৰ ওপৰত বিভিন্ন অভিযোগ উঠিছিল যদিও বিভিন্ন মেৰে পাকে সাত সাৰিবলৈ সক্ষম হয়।
ইয়াৰোপৰি দুৰ্নীতিৰ পোত সাগৰত ডুবি থকা বাশবাৰী পঞ্চায়তৰ সভানেত্ৰীৰ ওপৰত আৰু এই গৰাকী খণ্ড উন্নয়ণ বিষয়াৰ ওপৰত জিলা প্ৰশাসনে তদন্ত কৰি কি ব্যৱস্থা গ্ৰহণ কৰে পৰৱৰ্তী সময়ত সেয়া হব লক্ষ্যণীয়।
0 Comments