জলেশ্বৰৰ চিলাৰভিটাত ১১ কোটি টকীয়া মথাউৰিৰ নিৰ্মাণৰ শুভাৰম্ভণি মন্ৰী ফণীভূষণ চৌধুৰীৰ:
গোৱালপাৰা জিলাৰ জলেশ্বৰৰ চিলাৰভিটাত আজি ১১ কোটি টকীয়া মথাউৰি নিৰ্মাণ কাৰ্যৰ আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে অসমৰ খাদ্য আৰু অসামৰিক বিভাগৰ মন্ৰী ফণীভূষণ চৌধুৰীয়ে। মথাউৰি শুভাৰম্ভৰ ফলকৰ উন্মোচন কাৰ্যসূচীত মন্ত্ৰীক সহায় কৰে গোৱালপাৰা জিলাৰ উপায়ুক্ত বৰ্ণালী ডেকা আৰু জলেশ্বৰ সমষ্টিৰ বিধায়ক চাহাব উদ্দিন আহমেদে।জলেশ্বৰ চিলাৰভিটাৰ মথাউৰিটো জুলাই মাহৰ ৬ তাৰিখত ব্ৰহ্মপুত্ৰৰ প্ৰৱল গৰাখহনীয়া আৰু বানপানীত ছিগি যায়।
প্ৰায় এক কিমি দৈৰ্ঘৰ মথাউৰি ছিগি ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী ভিতৰত সোমাই প্ৰায় দুঁশ টা গাঁও প্লাৱিত কৰে। ফলত লাখ লাখ পৰিয়াল তিনি মাহ লৈ বানপানীত পানীত ককবকাই থাকিব লগীয়া হৈছিল। অহা বছৰতো জলেশ্বৰ বাসী ৰাইজে বানপানীত ডুব যাব বুলি তীব্ৰ শংকাত ভূগি থকাৰ মাজতে আজি মথাউৰিটৌৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ হোৱাত জলেশ্বৰ, গোৱালপাৰা পশ্চিম আৰু দক্ষিণ শালমাৰা সমষ্টিৰ ৰাইজৰ মাজত আনন্দৰ বন্যা বোৱা পৰিলক্ষিত হৈছে। আৰ্থিক ভাবে দূৰ্বল হৈ পৰা বানপানী প্ৰভাৱান্বিত সমষ্টিৰ ৰাইজে আজি স্বস্তিৰ নিশ্বাস পেলায়। মথাউৰি নিৰ্মাণৰ শুভাৰম্ভ কাৰ্যসূচী উপলক্ষে চিলাৰভিটা ভগা মথাউৰিৰ কাষত এখনি সভা অনুষ্ঠিত হয়।
জলসম্পদ বিভাগৰ অধীক্ষক অভিযন্তা গৌতম বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাত উদ্দেশ্য ব্যাখ্যা কৰে গোৱালপাৰা জিলা জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা ছোলেমান আলীয়ে। মথাউৰিটো পুনৰ নিৰ্মাণ ৰ ক্ষেত্ৰত অসম চৰকাৰক টানি অনুৰোধ জনোৱা জলেশ্বৰ সমষ্টিৰ বিধায়ক চাহাব উদ্দিন আহমেদে আজি সভাত ভাষণ প্ৰসংগত অসম চৰকাৰ, জিলা উপায়ুক্ত বৰ্ণালী ডেকা আৰু জলসম্পদ বিভাগক ধন্যবাদ জ্ঞাপন কৰে।



0 Comments