লক্ষীপুৰ হস্পিতাল চাৰিআলিত সঘনাই দূৰ্ঘটনা: পথত গতিৰোধক নিৰ্মাণৰ দাবী:

লক্ষীপুৰ হস্পিতাল চাৰিআলিত সঘনাই দূৰ্ঘটনা: পথত গতিৰোধক নিৰ্মাণৰ দাবী:


মতিউৰ ৰহমান, লক্ষীপুৰ- ২২ ফেব্ৰুৱাৰী:

গোৱালপাৰা জিলাৰ লক্ষীপুৰ চহৰৰ হস্পিতাল চাৰিআলিত কালি সন্ধিয়া সংঘটিত এক পথ দুৰ্ঘটনাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।  লক্ষীপুৰ চহৰৰ সোঁ-মাজত থকা হস্পিতাল চাৰিআলিৰ এইটো এটা ব্যস্ত পথ। চাৰিআলি টোত এফালৰ পৰা আহিলে আনফালৰ পৰা কোন আহিছে তাক দেখা নাযায়। ফলত প্ৰায় নিতৌ সংঘটিত হয় পথ দূৰ্ঘটনা।  স্থানীয়  ৰাইজে উক্ত স্থানত দুবছৰ পূৰ্বেই  ট্ৰেফিক পুলিচক টহলৰ বাবে নিযুক্তি দিয়াৰ দাবী জনাই আহিছিল। তাৰোপৰিও উক্ত পথছোৱাৰ চাৰিও দিশত গতিৰোধক স্থাপনৰ বাবে দাবী জনাইছিল।  


কিন্ত আজিলৈ সঘনাই দুৰ্ঘটনা সংঘটিত হোৱা স্থান টোত নিৰ্মাণ নহল পথ গতিৰোধক। যাৰ বাবেই চৰম দুৰ্ভোগ ভূগিব লগা হৈছে লক্ষীপুৰৰ সাধাৰন ৰাইজ। উক্ত স্থানত শীঘ্ৰেই পথ গতিৰোধক নিৰ্মাণ কৰাৰ বাবে লক্ষীপুৰ নগৰ সমিতিৰ কাৰ্যবাহী বিষয়াক দাবী জনাইছে লক্ষীপুৰ বাসী ৰাইজে।


Post a Comment

0 Comments