বিদ্যালয়ৰ সভাপতি আৰু উপ সভানেত্রী পদত নিৰ্বাচন, দুয়ো ফৈদৰ মাজত উত্তপ্ত পৰিস্থিত-
বিলাসীপাৰাত বিদ্যালয়ৰ পৰিচালনা কমিটিৰ সভাপতি আৰু উপ সভানেত্রী পদত নিৰ্বাচন অনুষ্ঠিত, নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পিছত দুয়ো ফৈদৰ মাজত উত্তপ্ত পৰিস্থিত সৃষ্টি।
জহিৰুল ইছলাম, বিলাসীপাৰাঃ ৬ ফেব্ৰুৱাৰীঃ ধুবুৰী জিলাৰ বিলাসীপাৰা শিক্ষা খণ্ডৰ অন্তৰ্গত উত্তৰ ছুৱাপাতা প্ৰাথমিক বিদ্যালয়ত বিভাগীয় কৃৰ্ত্বপক্ষৰ নীতি নিৰ্দেশনা অনুযায়ী সভাপতি আৰু উপ সভানেত্রী পদত আজি নিৰ্বাচন অনুষ্ঠিত হয়। নিৰ্বাচন অনুষ্ঠিত হোৱা সভাপতি পদৰ প্ৰাৰ্থী দুগৰাকী ক্রমে - নুৰ ইছলাম আৰু মান্নাফ আলী।উল্লেখ্য যেে বিদ্যালয়ত খনত ছাত্ৰ-ছাত্ৰী অভিভাৱক-অভিভাৱিকাৰ সৰ্বমুঠ ভোটৰ সংখ্যা ৫৭ টা,ইয়াৰে নুৰ ইছলামে ভোট লাভ কৰে ২৫ টা আৰু মান্নাফ আলীয়ে ভোট লাভ কৰে ২৮ টা, যদিও ১ টা ভোট ভোটগ্ৰহণ নহয় আৰু ৩ টা ভোট বাতিল হয়। ইয়াৰে মান্নাফ আলীয়ে ৩ টা ভোটৰ ব্যৱধানত নুৰ ইছলামক পৰাজিত কৰি বিদ্যালয় খনৰ পৰিচালনা কমিটিৰ সভাপতি হিচাপে নিৰ্বাচিত হয়। যদিও উপ-সভানেত্রী পদৰ প্ৰাৰ্থী দুগৰাকী ক্রমে- নাজিমা খাতুন আৰু মমতাজ বেগম ইয়াৰে নাজিমা খাতুনে ভোট লাভ কৰে ৩১টা আৰু মমতাজ বেগমে ভোট লাভ কৰে ২১ টা আৰু ৪ টা ভোট বাতিল হয়। ইয়াৰে নাজিমা খাতুনে ১০ টা ভোটৰ ব্যৱধানত মমতাজ বেগমক পৰাজিত কৰি উপ-সভানেত্রী পদত নিৰ্বাচিত হয়। মুঠৰ ওপৰত বিশেষ গুৰুত্বপূৰ্ণ কথা যে নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পিছত তৎক্ষণাত ভাই-ককায়েক দুয়ো ফৈদৰ মাজত উত্তপ্ত পৰিস্থিতি সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। চাই আহক আমাৰ এই বিশেষ প্ৰতিবেদন।

0 Comments