ধুবুৰী বগৰীবাৰী আটানীত আজি বিজেপি দলৰ যোগদান সমাৰোহত উপস্থিত,ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস-

ধুবুৰী বগৰীবাৰী আটানীত আজি বিজেপি দলৰ যোগদান সমাৰোহত উপস্থিত,ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস


বিলাসীপাৰাঃ ২৪ ফেব্ৰুৱাৰীঃ ধুবুৰী বগৰীবাৰী আটানীত আজি বিজেপি দলৰ যোগদান সমাৰোহত উপস্থিত,ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস।উক্ত যোগদান সমাৰোহত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে এ আই ইউ ডি এফ দলৰ প্ৰধান তথা ধুবুৰী লোক সভাৰ সাংসদ মৌলানা বদৰ উদ্দিন আজমলক ক্ষুধাৰ সমালোচনা কৰি কয় যে সংখ্যালঘু ৰাইজে এতিয়া বুজি উঠিছে,বিলাসীপাৰা পশ্চিম সমষ্টি খনত এইবাৰ বিজেপি দখল কৰিব বুলি নিশ্চিত, ইয়াত একো সন্দেহ নাই বুলি ৰাইজক  সদৰী কৰে। 

উল্লেখ্য যে  ডঃ আবু বক্কাৰৰ ছিদ্দিকৰ নেতৃত্বত আজি প্ৰায় এশ শতাধিক পুৰুষ-মহিলা বিজেপি দলত আনুষ্ঠানিক ভাৱে যোগদান কৰে। যোগদান সমাৰোহত উপস্থিত থাকে, বিলাসীপাৰা পূৱ সমষ্টিৰ বিধায়ক শ্ৰীযুত অশোক কুমাৰ সিংহী দেৱ, ধুবুৰী জিলা কমিটিৰ সভাপতি প্ৰফুল্ল কলিতা দেৱ, লগতে বিলাসীপাৰা পশ্চিম সমষ্টি খনৰ টিকট প্ৰত্যাশিত তথা ধুবুৰী পূৱ জিলা কমিটিৰ প্ৰভাৰী ডঃ ছাইফুৰ ৰহমানে শ শ নেতা-কৰ্মী লৈ যোগদান সমাৰোহত উপস্থিত থাকে। উক্ত যোগদান সমাৰোহত    অনুষ্ঠানটোত প্ৰায় দহ হেজাৰ শতাধিক ৰাইজ সমগম হোৱা বুলি জানিব পৰা গৈছে।।  

Post a Comment

0 Comments