যোগীঘোপাত অসম জাতীয় পৰিষদ দলৰ পূৰ্ণাংগ আঞ্চলিক সমিতি গঠন

যোগীঘোপাত অসম জাতীয় পৰিষদ দলৰ পূৰ্ণাংগ আঞ্চলিক  সমিতি গঠন। 

যোগীঘোপাৰ আব্দুল কায়েউম- 

সমাগম ২০২১ ৰ অসম বিধানসভা নির্বাচনৰ দিন যিমানে  চমু চাপি আহিছে সিমানেই ৰাজনৈতিক দলসমূহে বিভিন্ন সভা সমিতি কৰি থকা পৰিলক্ষিত হৈছে। তাৰ সমান্তৰাল কৈ পিছ পৰি থকা নাই অসম জাতীয় পৰিষদ দলে।

আজি আবেলি ৪ বজাত বঙাইগাঁও জিলাৰ অভয়াপুৰী দক্ষিণ বিধানসভা সমষ্টিৰ ঔডুবী আঞ্চলিক  পূৰ্ণাংগ সমিতি গঠন কৰা হয়। বঙাইগাঁও জিলাৰ অসম জাতীয় পৰিষদ দলৰ মুখ্য আহ্বায়ক প্ৰভাৱ বৈষ্ণব, সমষ্টি কমিটিৰ সভাপতি দীপাংকৰ অধিকাৰী, সমষ্টি কমিটিৰ উপ সভাপতি আব্দুল কাদেৰ, সমষ্টি কমিটিৰ সাধাৰণ সম্পাদক চমেৰ খান, সহসম্পাদক ছাদ্দাম হুছেইন, আই টি ছেলৰ আব্দুল কায়েউম অংশগ্রহণ কৰে।

সভাত অংশগ্রহণ কৰে বঙাইগাঁও জিলা মুখ্য আহ্বায়ক প্ৰভাৱ বৈষ্ণবে বক্তব্য প্রদান কৰি কয় যে শাসকীয় বিজেপি চৰকাৰক কঠৰ সমালোচনা কৰে। লগতে আগন্তুক বিধান সভা নিৰ্বাচনত সাম্প্রদায়িক দল এৰি অসম জাতীয় পৰিষদ দলৰ হৈ কাম কৰি যাওক। 

Post a Comment

0 Comments