ৰংচাই হাতীশিলাৰ পৰা নিৰুদ্দেশ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ: ৫০ দিনতো সম্ভেদ নাই ছাইফুলৰ:
মতিউৰ ৰহমান, লক্ষীপুৰ- গোৱালপাৰা জিলাৰ ৰংচাই আৰক্ষী চকীৰ অন্তৰ্গত হাতীশিলা মুছলিমপাৰা
গাওঁৰ বাবুল হুচেইনৰ পোন্ধৰ বছৰীয়া পুত্ৰ ছাইফুল ইচলাম প্ৰায় ৫০ দিনৰ পৰা নিৰুদ্দেশ হৈ থকা ঘটনাই পৰিয়াল টোত শোকাকুল পৰিবেশৰ সৃষ্টি হৈছে। ঘটনাৰ বিৱৰণী মতে যোৱা ৬ জানুৱাৰীৰ সন্ধিয়া লৈকে ছাইফুল ইচলাম ঘৰতে আছিল যদিও নিশাৰ পৰাই নিৰুদ্দেশ হয় হাতীশিলা মজলীয়া বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ ছাইফুল ইচলাম। ছাইফুল ইচলাম নিৰুদ্দেশ হোৱা দিনৰে পৰা পৰিয়ালৰ লোকে গুৱাহাটী মহানগৰীকে ধৰি বিভিন্ন ঠাইত বিচাৰি চলাথ কৰে । দূৰদূৰণিৰ আত্মীয়-স্বজনৰ ঘৰতো খোজ খবৰ লয়। কিন্ত কোনো ঠাইতে বিচাৰি নোপোৱাত হতাশ হৈ পৰে পৰিয়ালৰ লোক আৰু আত্মীয়-স্বজন। অৱশেষত যোৱা ১২ জানুৱাৰীত বাবুল হুচেইনে ৰংচাই আৰক্ষী চকীত এই সংক্ৰান্তত এটি গোচৰ ৰুজু কৰে। কিন্ত তাৰ পিছতো কোনো সুংসূত্ৰ পোৱা নাই ছাইফুল ইচলামৰ। কোনো সদাশয় ব্যক্তিয়ে নিৰুদ্দেশ হোৱা ছাইফুল ইচলামক দেখা পালে 6002140873 / 7002304387 এই মবাইলত নম্বৰত যোগাযোগ কৰাৰ বাবে অনুৰোধ জনায় বাবুল হুচেইনে ।

0 Comments