বিলাসীপাৰা পুৱ আৰু পশ্চিম সমষ্টিত অসম যুৱ পৰিষদৰ মত বিনিময় সভা-

বিলাসীপাৰা পুৱ আৰু পশ্চিম সমষ্টিত অসম যুৱ পৰিষদৰ মত বিনিময় সভা-

ফৰিজ উদ্দিন আহমেদ,বিলাসী পাৰা-


সমাগত অসম বিধানসভা নিৰ্বাচনৰ উপলক্ষে বিভিন্ন ৰাজনৈতিক দলে কৰ্মী সভাৰ জৰিয়তে প্ৰাৰ্থীত্ব বাচনি প্ৰক্ৰিয়া আৰম্ভ কৰা পৰিলক্ষিত হৈছে। এনে সময়তে ধুবুৰী জিলাৰ বিলাসী পাৰা পুৱ আৰু পশ্চিম সমষ্টিৰ অগপ দলৰ অসম যুৱ পৰিষদৰ উদ্যোগত বিলাসী পাৰা নাথ যোগী সন্মিলনী ‌কাৰ্য্যালয প্ৰাঙ্গণত যোৱা কালি এখন মত বিনিময় কৰ্মী সভা অনুষ্ঠিত হৈ যায়। উক্ত সভাত বিলাসী পাৰা পশ্চিম বিধান পৰিষদৰ সভাপতি ওমৰ উদ্দিন আহমেদে সভাপতিত্ব কৰা সভা খনত অগপৰ যুৱ পৰিষদৰ কেন্দ্ৰীয় উপ-সভাপতি বিকাশ ৰঞ্জন দাস, সাধাৰণ সম্পাদক প্ৰবাল বুজৰ বৰুৱা দেৱৰ লগতে অগপৰ দলৰ উপ-সভাপতি তথা প্ৰাক্তন বিধায়ক প্ৰশান্ত কুমাৰ বৰুৱা দেৱৰ উপস্থিতিত মত বিনিময় কৰ্মী সভাত বিলাসীপাৰা পুৱ আৰু পশ্চিম সমষ্টিত অগপ বিজেপি মিত্ৰজোঁটৰ অগপৰ প্ৰাৰ্থীত্ব দিয়াৰ বাবে প্ৰৱল দাবী জনায় অগপৰ কৰ্মী সকলে। বৰ্তমান বিলাসী পাৰা পুৱ আৰু পশ্চিম সমষ্টিত অগপৰ ভেটি শক্তিশালী ৰূপত পৰিগণিত হৈছে। ২০২১ ৰ বিধানসভা নিৰ্বাচনত বিলাসী পাৰা সমষ্টি দুখনত মিত্ৰজোঁটে অগপৰ ‌প্ৰাৰ্থী প্ৰক্ষেপ কৰিলে দুয়োটা ‌সমষ্টিত বিজয়ী হোৱাটো নিশ্চিত বুলি কৰ্মী সকলে দাবী কৰে। কিয়নো ইয়াৰ পূৰ্বে সমষ্টি দুখনত অগপৰ‌ বিধায়ক নিৰ্বাচিত হৈছিল। এই ক্ষেত্ৰত অগপৰ যুৱ পৰিষদৰ কেন্দ্ৰীয় পৰ্য্যাবেক্ষ দ্বয়ে বিলাসীপাৰা পুৱ আৰু পশ্চিম দুয়োটা সমষ্টিত অগপৰ প্ৰাৰ্থীত্ব আগবঢ়োৱাৰ আস্হা প্ৰদান কৰে যদিও মিত্ৰজোঁটে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া পৰবৰ্তী সময়ত লক্ষণীয় হ'ব। উক্ত সভাত অগপৰ প্ৰাৰ্থীত্ব প্ৰত্যাশিত সকলৰ লগতে দুই শতাধিকৰ অধিক অগপৰ কৰ্মী সকলে উপস্থিত থাকে।

Post a Comment

0 Comments