বিলাসীপাৰা প্ৰেছ ক্লাৱৰ গৃহৰ শুভ উদ্বোধন

*বিলাসীপাৰা প্ৰেছ ক্লাৱৰ গৃহৰ শুভ উদ্বোধন* 

যোৱা কালি ২৬ তাৰিখত   বিধায়ক এলেকা উন্নয়ন পূঁজিৰ ৬ লাখ টকা ব‍্যয় সাপেক্ষে আজি বিলাসীপাৰা প্ৰেছ ক্লাৱৰ নৱনিৰ্মিত গৃহৰ শুভ উদ্বোধন হয়। উদ্বোধন কৰে ২৭ বিলাসীপাৰা পূৱ সমষ্টিৰ বিধায়ক অশোক কুমাৰ সিংহীয়ে । উল্লেখ‍্য যে ১৯৯১ চনত বিলাসীপাৰা চহৰৰ কেইগৰাকীমান সাংবাদিক, বুদ্ধিজীৱী তথা একাংশ সমাজ সচেতন ব‍্যক্তিৰ ঐক‍্যবদ্ধ প্ৰচেষ্টাত চহৰখনত প্ৰতিষ্ঠা লাভ কৰিছিল বিলাসীপাৰা প্ৰেছ ক্লাৱে । সময় বাগৰাৰ লগে লগে প্ৰেছ ক্লাৱৰ গৃহটোও ক্ৰমাৎ জৰাজীৰ্ণ ৰূপ ধাৰণ কৰে । বিগত দিনত কোনো এগৰাকী নেতা , বিধায়কৰ দৃষ্টিগোচৰ হোৱা নাছিল বিষয়টো । কিন্তু অশোক কুমাৰ সিংহী সমষ্টিটোৰ বিধায়কৰূপে নিৰ্বাচিত হোৱাৰ পিছতেই প্ৰেছ ক্লাৱৰ বিষয়টোৰ ওপৰত তেখেতে গুৰুত্ব আৰোপ কৰে । তেখেত বিধায়ক হোৱাৰ পিছতেই প্ৰেছ ক্লাৱৰ গৃহটো পুনৰ্নিৰ্মাণৰ উদ্দেশ্যে বিধায়ক উন্নয়ন পূঁজিৰ পৰা ধন আগবঢ়াইছিল যদিও ক্লাৱটোৰ পূৰণি সমিতিখনে সমিতিৰ আভ্যন্তৰীণ কিছু বেমেজালিৰ বাবে উক্ত ধন গ্ৰহণ কৰিব পৰা নাছিল । অৱশেষত বিলাসীপাৰা প্ৰেছ ক্লাৱৰ নৱনিৰ্মিত সমিতিৰ সভাপতি আৰু সম্পাদকৰ তৎপৰতাত ক্লাৱে বিধায়ক পূঁজিৰ ছয় লাখ টকাৰ অনুদান লাভ কৰে । 

আজি প্ৰেছ ক্লাৱৰ নতুন গৃহটোৰ শুভ উদ্বোধন কৰি বিধায়কগৰাকীয়ে কয় যে সাংবাদিক সকলে এইখন সমাজত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে । বাতৰি পৰিবেশনৰ ক্ষেত্ৰত প্ৰতিগৰাকী সাংবাদিকে নিৰপেক্ষ ভূমিকা গ্ৰহণ কৰি সত্যৰ ওপৰত আধাৰিত বাতৰি পৰিবেশন কৰিব লাগে । উদ্বোধনৰ লগত সংগতি ৰাখি এখন মুকলি সভা অনুষ্ঠিত হয় । প্ৰেছ ক্লাৱৰ সভাপতি মফিজুল হোসেন আহমেদৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত উদ্দেশ্য ব্যাখা কৰে ক্লাৱৰ সম্পাদক বাপ্পা সৰকাৰে।সভাত বিলাসীপাৰা মহকুমা আৰক্ষী বিষয়া ভাৰ্গব মুনি দাস,  ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দেৱজিত শৰ্মা, মহকুমা জনসংযোগ বিষয়া স্নিগ্ধাৰাণী দাস , জ‍্যেষ্ঠ সাংবাদিক দয়াল পাল , প্ৰাক্তন সাংবাদিক হৃদয়ানন্দ দাস , সাংবাদিক কল‍্যাণ চক্ৰৱৰ্তী , সুনীল সাহা , আলতাপ হোসেন আহমেদ , কনিষ্ঠ অভিযন্তা মিৰ্জা আলম , শিক্ষা বিষয়া মনোজ কুমাৰ ফুকনকে আদি কৰি সমূহ সাংবাদিক , তথা ৰাইজ উপস্থিত থাকে ।

Post a Comment

0 Comments