বিলাসীপাৰাত অসম জাতীয় পৰিষদৰ জাগৰণ সমাৱেশ আৰু যোগদান কাৰ্য্যসূচীত উপস্থিত লুৰিণ জ্যোতি গগৈ-
ৰোকাখাতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ হীৰেন নাথৰ সভাপতিত্বত আজি বিলাসীপাৰা আই,এন,এ খেলপথাথ উক্ত জাগৰণ সমাৱেশ কাৰ্য্যসূচী অনুষ্ঠিত হয় । উল্লেখ্য যে জাগৰণ সমাৱেশত দেশৰ বিভিন্ন পৰিস্থিতি সন্দৰ্ভত মহামূল্যৱান ভাষন আগবঢ়ায়,অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণ জ্যোতি গগৈয়ে। যদিও অসম জাতীয় পৰিষদৰ মুখপাত্ৰ জিয়াউৰ ৰহমানে, বিজেপি দলৰ আগশাৰীৰ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক ক্ষুধাৰ সমালোচনা কৰে। জাগৰণ কাৰ্য্যসূচী খনত উপস্থিত থাকে,অসম জাতীয় পৰিষদৰ ৰাজ্যিক আহ্বায়ক আনছাৰ হোসেন,কেন্দ্ৰীয় কমিটিৰ সম্পাদিকা কবিতা দাস,কেন্দ্ৰীয় কমিটিৰ কাৰ্যকৰী সদস্য তথা বিলাসীপাৰা পূৱ সমষ্টিৰ প্ৰত্যাশিত প্ৰাৰ্থী ডঃ কানুলাল দাস,ধুবুৰী জিলা তত্বাৱধায়ক ইমদাদ হোসেন,যুৱ শক্তিৰ দীপক শৰ্মা,ৰাইজৰ দলৰ ধুবুৰী পূৱ জিলা কমিটিৰ সভাপতি জগন্নাথ ভকত, সম্পাদক নাজিমূল হক,আদিকে ধৰি বিভিন্ন পৰ্য্যায়ৰ নেতা-কৰ্মী উপস্থিত থাকে। জাগৰণ কাৰ্য্যসূচী খনত প্ৰায় পাঁচ হেজাৰৰ অধিক শতাধিক লোক সমাগম হোৱা বুলি জানিব পৰা গৈছে।

0 Comments