সহায়ৰ হাত বিচাৰি চৰকাৰ তথা বিভিন্ন দল সংগঠন লৈ কাতৰ আহ্বান এজন যুৱকৰ-
হায়ৰ হাত বিচাৰি চৰকাৰ তথা বিভিন্ন দল সংগঠন লৈ কাতৰ আহ্বান এজন যুৱকৰ।এটা দৰিদ্ৰ পৰিয়ালৰ মাজত হাহাকাৰ পৰিস্থিতি।পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী দূৰ্ঘটনাগ্ৰস্ত। এতিয়া মাথোন প্ৰয়োজন আপোনাৰ কিঞ্চিৎ সহায়।
জলেশ্বৰ সমষ্টিৰ অন্তৰ্গত মেদৰটাৰি গাওঁ পঞ্চায়তৰ পদ্দাৰভিটা গাঁওৰ অতি দৰিদ্ৰ পৰিয়ালৰ ৰাহুল মণ্ডল নামৰ 30 বছৰীয়া যুৱক জনে যোৱা 12তাৰিখে গুৱাহাটী অভিমুখে গৈ থকা সময়ত দুৰ্ভাগ্য ক্ৰমে গোৱালপাৰা জিলাৰ আগিয়াৰ ঘাইপথত দুৰ্ঘটনাত পতিত হৈ সোঁফালৰ ভৰি খন গুৰুতোৰভাৱে আঘতপ্ৰাপ্ত হয়।সংকটজনক অৱস্থাত জি এম চি এইচ ত ভৰ্তি কৰোৱা হৈছিলয যদিও চিকৎসকে উন্নত চিকিৎসাৰ বাবে পাটনা লৈ প্ৰেৰণ কৰে।জানিব পৰা মতে যুৱক জনে বৰ্তমান পাটনাৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধিন হৈ আছে। চিকিৎসকে জোনৱা মতে উন্নত চিকিৎসাৰ বাবে প্ৰয়োজন তিনি চাৰি লাখ টকাৰ ।আৰ্থিকভাৱে জুৰুলা পৰিয়ালটোৰ উন্নত চিকিৎসাৰ বাবে নাই সামৰ্থ্য।
ইতিমধ্যে ঘৰৰ সকলো বয় বস্তু বিক্ৰী কৰি সৰ্ব-হাৰা হৈ পৰিছে পৰিয়ালটো।দুটা সন্তানক লৈ হাহাকাৰ কৰিবলীয়া হৈছে যুৱক জনৰ ঘৈনিয়েকে।এতিয়া প্ৰয়োজন আপোনালোকৰ কিঞ্চিৎ সহায় ।আপোনাৰ কিঞ্চিৎ সহায়ে হাঁহি বিৰিঙিবলৈ সক্ষম হব দূৰ্ভগীয়া পৰিয়ালটোৰ। সহায় কৰিবলৈ যোগাযোগ কৰা নম্বৰটো হৈছে 9101041320,একাউণ্ট নম্বৰ: এলাহাবাদ বেংক 59158911744



0 Comments