লক্ষীপুৰত আশা অভিবৰ্তন: আশা সকলে কৰ্তব্যৰ বিনিময়ত নাপায় পৰ্যাপ্ত মাননি:
গোৱালপাৰা জিলাৰ স্বাস্থ্য বিভাগৰ উদ্যোগত আজি লক্ষীপুৰ ৰাজহুৱা খেলপথাৰত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় আশা অভিবৰ্তন । ডি চি এম প্ৰণব শৰ্মাই আঁত ধৰা সভাত মূখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি গোৱালপাৰা জিলাৰ উপায়ুক্ত বৰ্ণালী ডেকাই ভাষণ প্ৰসংগত আশা আৰু আশা চুপাৰভাইজাৰ সকলৰ কাম কাজক ভূয়সী প্ৰশংসা কৰে। নৱজাতকৰ যত্ন সন্দৰ্ভত আশা কৰ্মী সকলৰ সৈতে উপায়ুক্ত ডেকাই মতবিনিময় কৰে। সভাত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ অভিজিত বসুয়ে কয় যে আশাই দিয়ে আঁশা আশা অবিহনে জীৱন নিৰাশা। অতিৰিক্ত স্বাস্থ্য সেৱা সঞ্চালক ডাঃ ভানু শইকীয়াই কয় যে আশা কৰ্মী সকল কৰ্তব্যৰ ক্ষেত্ৰত বহুত কষ্ট কৰে ।
জিলা পৰিষদৰ সদস্য আৰু আশা দুগৰাকীয়ে আশা আৰু আশা চুপাৰভাইজাৰ সকলৰ দূখ দূৰ্দশাৰ বিষয়ে কয়। তেও লোকে দিনে নিশাই কৰ্তব্য পালন কৰিব লগা হয় যদিও সেই পৰিমানে মাননি (মজুৰি) নাপায় বুলি আক্ষেপ কৰে। তাৰোপৰি কামৰ ক্ষেত্ৰত চিকিৎসালয়ত যোৱা আশা সকলৰ লগত ডাক্টৰ আৰু বিষয়া সকলে দুৰ্ব্যৱহাৰ কৰে বুলিও অভিযোগ কৰে। সভাত লগতে জলেশ্বৰ সমষ্টিৰ বিধায়ক চাহাব উদ্দিন আহমেদ, চিইইও ঠাকুৰীয়া, এডিচি আশ্ৰাফুল আলম, লক্ষীপুৰ প্ৰথামিক স্বাস্থ্য কেন্দ্ৰৰ এচ ডি এম ও বলেন চন্দ্ৰ বৈশ্য প্ৰমুখ্যে গন্য-মান্য ব্যাক্তি সকলে ভাষণ আগবঢ়ায়। অভিবৰ্তন খনত আশা সকলে বিভিন্ন ধৰণৰ গীত আৰু নৃত্য প্ৰদৰ্শন কৰে।সভাত ডি পি এম খুৰ্শিদ আলম, লক্ষীপুৰ প্ৰথামিক স্বাস্থ্য কেন্দ্ৰৰ সমন্বয়ক মিজানুৰ ৰহমান আদি স্বাস্থ্য কৰ্মীৰ লগতে বহু কেইগৰাকী চিকিৎসক উপস্থিত আছিল। সভাত কাম কাজত পাৰদৰ্শিতা দাঙি ধৰিবলৈ সক্ষম হোৱা আশা কৰ্মী সকলক পুৰস্কাৰ আৰু মানপত্ৰ প্ৰদান কৰে উপায়ুক্ত বৰ্ণালী ডেকাই।


0 Comments