গোৱালপাৰা জিলাৰ ধুবুৰী সীমান্তত নামনি অসম গ্ৰাম্য মহোৎসৱৰ বৰ্ণাঢ্য আয়োজন-

গোৱালপাৰা জিলাৰ ধুবুৰী সীমান্তত নামনি অসম গ্ৰাম্য মহোৎসৱৰ বৰ্ণাঢ্য আয়োজন-

গোৱালপাৰা, ২১ ফেব্ৰুৱাৰীঃ-

গোৱালপাৰা জিলাৰ ধুবুৰী সীমান্তত নামনি অসম গ্ৰাম্য মহোৎসৱৰ বৰ্ণাঢ্য আয়োজন । গোৱালপাৰা জিলাৰ খলিছাভিটা তাৰাংগাঝাৰ দলংৰ কাষত আয়োজিত মহোৎসৱ খনি আদৰিবলৈ পুৰ্ণ প্ৰস্তুতি চলাইছে উদযাপন সমিতিয়ে। এক্সকেভেটৰেৰে নতুনকৈ ৰাস্তা নিৰ্মাণ কৰি মহোৎসৱ থলীত গাড়ী অহা যোৱাৰ বাট সুগম কৰি তোলা হৈছে। নামনি অসম গ্ৰাম্য মহোৎসৱ টি যোৱা ২০২০ বৰ্ষৰ মাৰ্চ মাহৰ ২২ তাৰিখৰ পৰা ১০ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰাৰ প্ৰস্তুতি চলিছিল। পেণ্ডেল আদিকে ধৰি কেইবা লক্ষাধিক টকা ব্যয় সাপেক্ষ ৯০ শতাংশ কাম সম্পূৰ্ণ কৰাৰ পিছতেই কৰণা মহামাৰীৰ বাবে বন্ধ ৰাখিবলগীয়া হৈছিল এই মহোৎসৱ।

সেই একেই কাৰ্যসূচীৰে  ১মাৰ্চ ২০২১ ৰ পৰা ১মাৰ্চ লৈ ১০ দিনীয়া কাৰ্যসূচীৰে পুনৰ এই গ্ৰাম্য মহোৎসৱ উদযাপন কৰিবলৈ দিনে নিশাই প্ৰস্তুতি চলিছে । নামনি অসম গ্ৰাম্য মহোৎসৱৰ সভাপতি ৰবিউজ জামান মণ্ডল ওৰফে নেহেৰুল ইছলাম আৰু সম্পাদক দুলাল চন্দ্ৰ দাসে কয় যে অতি কম সময়ৰ ভিতৰতে মহোৎসৱৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হব। ইতিমধ্যে ৬০ শতাংশ কাম সম্পূৰ্ণ হোৱা পৰিলক্ষিত হৈছে।গ্ৰাম্য মহোৎসৱৰ প্ৰতিদিনৰ কাৰ্যসূচী বেচ আকৰ্ষণীয় আৰু সমাজৰ প্ৰতি দায়বদ্ধশীল হব বুলি কয় মহোৎসৱ উদযাপন সমিতিৰ সভাপতিয়ে । মহোৎসৱৰ কাৰ্য্যসূচীত বিভিন্ন জনগোষ্ঠীৰ, কলা সংস্কৃতি, পিঠা পনা, খেল ধেমালি, গীত মাত, আদি প্ৰদৰ্শন কৰাৰ লগতে প্ৰতিদিনেই থাকিব আলোচনা সভা। আলোচনা সভাৰ মূল বিষয়বস্তুৰ ভিতৰত থাকিব, বাল্যবিবাহ, শিশু শ্ৰমিক বন্ধ কৰা, জন্ম নিয়ন্ত্ৰণ, অন্ধবিশ্বাস আৰু কুসংস্কাৰ, জনসাধাৰণ- প্ৰশাসন আৰু সংবাদসেৱী সকলৰ মাজৰ সম্পৰ্কৰ ওপৰত অভিজ্ঞ সমালোচকৰ দ্বাৰা অনুষ্ঠান পৰিচালিত হব।

মুঠতে মহোৎসৱ খনি আকৰ্ষণীয় কৰি তুলিবলৈ ৰঙীন পোহৰ, মনোৰঞ্জনমূলক খেল ধেমালিৰ বাবে প্ৰয়োজনীয় সা সৰঞ্জাম থাকিব বুলিও জানিবলৈ দিয়ে উদযাপন সমিতিয়ে। নামনি অসমৰ গোৱালপাৰা-ধুবুৰী সীমান্তত খলিছা ভিটাত উদযাপিত হবলগীয়া মহোৎসৱক লৈ স্থানীয় ৰাইজৰো তৎপৰতা পৰিলক্ষিত হৈছে। 

Post a Comment

0 Comments