দেশৰ ৰাজনীতি আচলতে কোন দিশে গতি কৰিছে-
দেশৰ ৰাজনীতি আচলতে কোন দিশে গতি কৰিছে, এফালে কংগ্ৰেছ আৰু এ আই ইউ ডি এফ আদিকে ধৰি মহাজোঁট বন্ধনৰ আলোচনা, আনফালে এ আই ইউ ডি এফ আৰু কংগ্ৰেছ পৃথকে পৃথকে নিৰ্বাচনী কুঁজ-কৱাজ।
সমাগত অসমৰ বিধান সভা নিৰ্বাচনক লৈ যিহেঁতু প্ৰায় কংগ্ৰেছ আৰুএ আই ইউ ডি এফ আদিকে ধৰি দল সমৃঁহ মহাজোঁট বন্ধনৰ আলোচনা এক প্ৰকাৰ থিৰাং হৈ পৰিছে,আনফালে কংগ্ৰেছ, এ আই ইউ ডি এফ দল সমূঁহে বিভিন্ন সমষ্টি বিলাকত কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দলে পৃথকে-পৃথকে নিৰ্বাচনী কুঁজ- কৱাজ আৰম্ভ কৰা পৰিলক্ষিত হৈছে। উদাহৰণস্বৰূপে ২৬ নং বিলাসীপাৰা পশ্চিম সমষ্টি খনত কংগ্ৰেছ দলৰ স্থিতি শক্তিশালী কৰাৰ বাবে নায়েৰ আলগা আৰু মহামায়া ব্লক কংগ্ৰেছৰ যৌথ উদ্যোগত আজি সমষ্টি ভিত্তিত বিলাসীপাৰা কৃষ্ণ নগৰ মোছলিম উদ্দিনৰ বাস গৃহত কংগ্ৰেছ দলৰ বুথ সংকল্প শিৱিৰ অনুষ্ঠিত হয়। উল্লেখ্য যে আচলতে দেশৰ ৰাজনীতি কোন দিশে গতি কৰিছে,বুলি ৰাইজৰ মাজত প্ৰশ্ন উথাপিত হৈছে।
উক্ত বুথ সংকল্প শিৱিৰত উপস্থিত থাকে,দক্ষিণ শালমাৰৰ বিধায়ক ৱাজেদ আলী চৌধুৰী,ধুবুৰী জিলা কংগ্ৰেছ কমিটিৰ সভাপতি উত্তম কুমাৰ সৰকাৰ, নায়েৰ আলগা ব্লক কংগ্ৰেছৰ সভাপতি তয়জাল হক,মহাময়া ব্লক কংগ্ৰেছৰ সভানেত্রী সাবানা আকতাৰা -
সমাগত অসমৰ বিধান সভা নিৰ্বাচনত বিলাসীপাৰা পশ্চিম সমষ্টিৰ কংগ্ৰেছ দলৰ টিকট প্ৰত্যাশিত ধুবুৰী জিলা পৰিষদৰ সদস্য আছাদুৰ ৰহমান, আব্দুল বাতেন, গোলাম ৰব্বানি,২৬ নং বিলাসীপাৰা পশ্চিম সমষ্টিৰ যুৱ কংগ্ৰেছৰ সভাপতি ছাফিজুৰ ৰহমান (আলকাছ) ইদ্ৰিছ আলী,আদিকে ধৰি সমষ্টি খনৰ বিভিন্ন বুথ পৰ্য্যায়ৰ পৰা আৰম্ভ কৰি কংগ্ৰেছ দলৰ বিভিন্ন নেতা-কৰ্মীৰ লগতে দুই হেজাৰ শতাধিক ৰাইজ উপস্থিত থাকে।



0 Comments