গোৱালপাৰাৰ জলেশ্বৰত ১৩ বছৰীয়া কিশোৰী হত্যাৰ ঘটনা-

গোৱালপাৰাৰ জলেশ্বৰত ১৩ বছৰীয়া কিশোৰী হত্যাৰ ঘটনা-

Johurul Islam, জলেশ্বৰ ,02-02-2021-

গোৱালপাৰাৰ জলেশ্বৰত ১৩ বছৰীয়া কিশোৰী হত্যাৰ ঘটনা। জলেশ্বৰৰ তেকোনা গাওঁত সংঘঠিত হৈছে এই মৰ্মান্তিক হত্যাকাণ্ড । পথাৰৰ মাজত উদ্ধাৰ হয় কিশোৰী গৰাকীৰ মৃতদেহ। কিশোৰী গৰাকী তেকোনা গাওঁৰ কালাম মণ্ডলৰ কইনা ৰেশমিনা খাতুন ( ১৩ ) বুলি চিনাক্ত। উল্লেখযোগ্য যে দেওবাৰে সন্ধিয়াৰ পৰা নিৰুদ্দেশ হৈ আছিল ৰেশমিনা খাতুন নামৰ কিশোৰী গৰাকী । আজি তেকোনা গাওঁৰ মাকৈ খেতিৰ মাজত উদ্ধাৰ হয় কিশোৰী গৰাকীৰ মৃতদেহ । ঘটনা স্থলিত উপস্থিত গোৱালপাৰা জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক অমিতাভ বসুমতাৰীৰ লগতে জলেশ্বৰ আৰক্ষী । লক্ষীপুৰ ৰাজহ চক্ৰ বিষয়া ৰিপন জ্যোতি নাথৰ উপস্থিতত আৰক্ষীয়ে উদ্ধাৰ কৰে কিশোৰী গৰাকীৰ মৃতদেহ । কিশোৰী গৰাকীক কোনোবা দূৰ্বৃত্তই ধৰ্ষণ কৰি হত্যা কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে স্হানীয় লোকে । আৰক্ষীয়ে ঘটনা সংক্ৰান্তত তদন্ত আৰম্ভ কৰিছে যদিও অতি শীঘ্ৰেই হত্যাকাৰীক কৰায়ত্ত কৰি কঠোৰ শাস্তীৰ দাবী জনাইছে স্হানীয় ৰাইজে । আৰক্ষীয়ে কিশোৰী গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰোনত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰা অসমৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । 

Post a Comment

0 Comments