গোৱালপাৰা চহৰত অসম বহুমূখী সমবায় সমিতি লিমিটেডৰ গোৱালপাৰা শাখা কাৰ্যালয় উন্মোচন
গোৱালপাৰা চহৰত অসম বহুমূখী সমবায় সমিতি লিমিটেডৰ গোৱালপাৰা শাখা কাৰ্যালয় উন্মোচন। নামনি অসমৰ কেবাটাও জিলা সামৰি গোৱালপাৰা চহৰত প্ৰতিষ্ঠা কৰা এই কাৰ্যালয়ত গ্ৰাহকৰ সুবিধা হোৱাকৈ লেন-দেন কৰাৰ সুবিধা উপলব্ধ হব। আজিৰ এই অনুষ্ঠান উদ্ধোধন কৰে গোৱালপাৰা পূৱ সমষ্টিৰ বিধায়ক এ কে ৰছিদ আলমে। বিধায়কৰ কাৰ্যকালৰ শেষ সময়ত এই অনুষ্ঠানটো উদ্ধোধন কৰি চমু বক্তৃতা প্ৰদান কৰে বিধায়ক গৰাকীয়ে । সমবায় কাৰ্যালয়ৰ স্থায়ী ভৱন নিৰ্মাণ কৰাৰ বাবে প্ৰয়োজনীয় সহায় সহযোগিতা আগবঢ়াব বুলিও কয় বিধায়ক গৰাকীয়ে ।
গ্ৰাহকৰ ধন সুৰক্ষিত কৰা আৰু চৰ্ত সাপেক্ষে ঋণ প্ৰদান কৰি দৰিদ্ৰ লোকক আৰ্থিক ভাৱে স্বচ্ছল কৰাি অসম বহুমূখী সমবায় সমিতি লিমিটেডৰ মূল লক্ষ্য। বিশেষকৈ গ্ৰাহকৰ কষ্টোপাৰ্জিত ধন সুৰক্ষিত কৰি নিৰ্দিষ্ট সময়ৰ অন্তত চুক্তিমতে টকা আদায় দি বিগত ২৮ বছৰে গৌৰৱোজ্জ্বল ভাবে সেৱা আগবঢ়াই আহিছে এইখন ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানে।
আজিৰ উদ্ধোধনী অনুষ্ঠানত উক্ত প্ৰতিষ্ঠানৰ যোৰহাট কাৰ্যালয়ৰ কাৰ্যকৰী সম্পাদক, প্ৰমোদ কুমাৰ দাস, যোৰহাট মূখ্য কাৰ্যালয়ৰ সঞ্চালক আব্দুল হামিদ, হাজোস্থিত শাখা কাৰ্যালয়ৰ পৰিচালক ৰিমি কলিতা, গোৱালপাৰা শাখা পৰিচালক পুলিন বৰ্মন সহ বহু কেইগৰাকী কৰ্মকৰ্তা উপস্থিত থাকে ।
গোৱালপাৰা জিলাৰ ক্ষেত্ৰকৰ্মী সমন্বিতে শতাধিক ৰাইজৰ উপস্থিতিত গোৱালপাৰা জিলা কাৰ্য্যালয় উন্মোচিত হয়।




0 Comments