গোৱালপাৰাত বি জে পি দলৰ পৰিয়াল পদাৰ্পণ কাৰ্যসূচী আৰম্ভ। গোৱালপাৰা চহৰৰ কলিতা পাৰাৰ পৰা এই কাৰ্যসূচীৰ শুভ উদ্বোধন কৰা হয়।

গোৱালপাৰাত বি জে পি দলৰ পৰিয়াল পদাৰ্পণ কাৰ্যসূচী আৰম্ভ। গোৱালপাৰা চহৰৰ কলিতা পাৰাৰ পৰা এই কাৰ্যসূচীৰ শুভ উদ্বোধন কৰা হয়।

গোৱালপাৰা-২৩ ফেব্ৰুৱাৰীঃ

জিলা বিজেপিৰ কৰ্মী সকলে প্ৰতিটো ভোটাৰ পৰিয়ালৰ  ঘৰে ঘৰে গৈ সিহঁতৰ আৰ্থিক বুজ লোৱা, চৰকাৰী আচনিৰ ধন পাইছে নে নাই সেয়া জনাৰ লগতে বিজেপি চৰকাৰৰ বিভিন্ন আচনিৰ বিষয়ে অবগত কৰোৱাৰ বাবে ঘৰ ঘৰ কাৰ্যসূচী আৰম্ভ কৰে। পৃষ্ঠা প্ৰমূখ কাৰ্যসূচীৰ দৰেই প্ৰতিটো পৰিয়ালৰ লোকক লগ কৰি চৰকাৰী আচনিৰ ধন পালে নে নাই, আৰ্থিক স্বচ্ছলতা, অভিযোগ প্ৰতি অভিযোগ আদি শুনা আৰু সেইমতে কাম কৰি যোৱাৰ বাবে  আগবাঢ়ি যোৱাই হব বিজেপি দলৰ লক্ষ্য। কংগ্ৰেছ  দলে ১৫ বছৰে কৰিব নোৱাৰা কাম বিজেপি চৰকাৰে ৫ বছৰত কৰি দেখুৱালে আৰু আকৌ এবাৰ মোদী চৰকাৰ বুলি শ্লোগানেৰে শতাধিক মহিলাই চহৰৰ প্ৰতিটো পৰিয়ালৰ লগত মত বিনিময় কৰে। 

আজিৰ পৰিয়াল সংযোগ কাৰ্যসূচীত গোৱালপাৰা জিলা বিজেপিৰ সভাপতি হিমাদ্ৰী দাস, জিলা বিজেপিৰ সংখ্যালঘু মৰ্চাৰ সভাপতি আবু বক্কৰ ছিদ্দিক, বিজেপি নেতা তথা গোৱালপাৰা পৌৰ সভাৰ প্ৰাক্তন উপ পৌৰপতি গোপী ঘোষ, দীপক নাথ, ৰত্নাকৰ দাস উপস্থিত থাকি পৰিয়াল সংযোগ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। সাংবাদিকে মূল্য বৃদ্ধি সম্পৰ্কে কৰা এক প্ৰশ্নৰ উত্তৰত গোৱালপাৰা জিলা বিজেপিৰ সভাপতি হিমাদ্ৰী দাসে আওপকীয়াকৈ কয় যে মূল্যবৃদ্ধি কংগ্ৰেছৰ দিনতো হৈছিল আৰু কিছুমান বস্তুৰ মূল্য ৠতু অনুযায়ী কম বেছি হয়। বিজেপি চৰকাৰে জনতাৰ সামগ্ৰীক উন্নয়ন হোৱাকৈ বহু আচনি কৰিছে আৰু ক্ৰমান্বয়ে হিতাধিকাৰীয়ে পাই আছে বুলি কয় হিমাদ্ৰী দাসে।

একেদৰে গোৱালপাৰা জিলা বিজেপিৰ সংখ্যালঘু মৰ্চাৰ সভাপতি আবু বক্কৰ ছিদ্দিকে কয় যে বি জে পি চৰকাৰে জনতাৰ উন্নয়নক অধিক গুৰুত্ব প্ৰদান কৰিছে যিটো কংগ্ৰেছ চৰকাৰে কৰা নাছিল। চাকৰি আদিকে কৰি ছাত্ৰী সকলক চাইকেলৰ পৰিবৰ্তে স্কুটী প্ৰদান কৰি অভিলেখ গঢ়িলে বিজেপি চৰকাৰে। আকৌ এবাৰ অসমত বিজেপি চৰকাৰ গঠন কৰাৰ উদ্দেশ্যেই ৰাইজৰ মাজত প্ৰচাৰ আৰু বিজেপি দলৰ লক্ষ্য উদ্দেশ্য সম্পৰ্কে অবগত কৰোৱাৰ বাবেই পৰিয়াল সংযোগ কাৰ্যসূচী চলি আছে।

Post a Comment

0 Comments