জীৱনৰ আৰম্ভনিতেই নিয়তিৰ কঠিন পৰীক্ষাত হাৰ মানিব লগীয়া হৈছে ১৫ বছৰীয়া এই দুৰ্ভগীয়া কিশোৰজন-

এটি দূৰ্ভগীয়া পৰিয়ালৰ কৰুণ কাহিনী, এই যে কিশোৰ জনক দেখিছে, এওৰ নাম আবুল কালাম আজাদ। 

 জীৱনৰ আৰম্ভনিতেই  নিয়তিৰ কঠিন পৰীক্ষাত হাৰ মানিব লগীয়া হৈছে ১৫ বছৰীয়া এই দুৰ্ভগীয়া কিশোৰজন-

মমিনুল ইছলাম, লক্ষীপুৰ -

গোৱালপাৰা জিলাৰ  জলেশ্বৰ সমষ্টিৰ অন্তৰ্গত, জলেশ্বৰ বিল দ্বিতীয় খণ্ডৰ বাসিন্দা আবুল হোছাইনৰ পুত্র এইজন আবুল কালাম। পৰিয়ালৰ এক মাত্ৰ উপাৰ্জন কাৰি পিতৃ আবুল হোছাইনে পুত্রৰ চিকিৎসাৰ বাবে ইতিমধ্যে বহু টকা  পইচা খৰচ কৰাৰ পিছতো বৰ্তমান লৈকে পৰিপূৰ্ণভাৱে সুস্থ কৰিব নোৱাৰাত , একপ্ৰকাৰ দিশাহাৰা হৈ পৰিছে দুৰ্ভগীয়া পিতৃজনে। দিন হাজিৰা কৰি ৮ জনীয়া পৰিয়ালৰ সৈতে এসাজ খাই, এসাজ লঘুনে থাকি দিনবোৰ অতিবাহিত  কৰিছে  আবুল হোছাইনৰ  দুৰ্ভগীয়া পৰিয়ালটোয়ে । বিগত ৭ মাহ ধৰি জটিল ৰোগত আক্রান্ত হৈ এনেদৰে  দিনৰ ভাগত বহি আৰু ৰাতিৰ শুই দিন কটাইছে উক্ত কিশোৰ গৰাকী । 

আটাইতকৈ উল্লেখ্য যে,উন্নত চিকিৎসাৰ বাবে স্থানীয় বিধায়ক ডাঙৰীয়াৰ কাষ চাপিছিল যদিও,আজি লৈকে কোনো ধৰণৰ আৰ্থিক সহায় হোৱা নাই দূৰ্ভগীয়া পৰিয়ালটো। এতিয়া উপায় বিহিন হৈ চৰকাৰ তথা সমাজৰ হৃদয়বান ব্যত্তিক কাতৰ আহব্বান এই দূৰ্ভগীয়া পৰিয়াল গৰাকীৰ 

গতিকে যদি কোনো সদাশয় হৃদয়বান ব্যক্তিয়ে এই পৰিয়ালটোলৈ আৰ্থীক সহায়ৰ হাত আগবঢ়োৱাব বুলি ভাৱিছে তেন্তে যোগাযোগ কৰিব পাৰে । হয়তো আপোনাৰ কিঞ্চিত সহায়ে হাসি বিহিঙ্গিগাব পাৰে এটা অসহায় পৰিয়ালৰ মূখত । 

  



Post a Comment

0 Comments