কোকৰাঝাৰ জিলাৰ বামুনিগাওত বিদ্যুৎ সৰ্টচাকি, এটা পৰিয়ালৰ সা-সম্পত্তি সম্পূৰ্ণ ভস্মিভূত-

কোকৰাঝাৰ জিলাৰ বামুনিগাওত বিদ্যুৎ সৰ্টচাকি, এটা পৰিয়ালৰ সা-সম্পত্তি সম্পূৰ্ণ ভস্মিভূত-

কোকৰাঝাৰ জিলাৰ বামুনি গাৱৰ মতলেব মণ্ডলৰ বাসগৃহত যোৱা পূৱতি ‌নিশা আনুমানিক ৩-৩৮ বজাত বিদ্যুৎ সৰ্টচাকিত অগ্নি কাণ্ড সংগঠিত হৈ ঘৰ বাৰী সা-সম্পত্তিৰ লগতে লাগতীয়াল পত্ৰ সম্পূৰ্ণৰূপে ভস্মিভূত হৈ যায়। উক্ত অগ্নি কাণ্ডৰ ফলত পৰিয়ালটোৰ প্ৰায় ১০ লাখ টকাৰ সা-সম্পত্তি সম্পূৰ্ণ ধ্বংস হোৱা বুলি জানিব পৰা গৈছে। অগ্নি কাণ্ড সংগঠিত হোৱা ঘটনা স্হলিত অগ্নি নিৰ্বাপিত বাহিনী উপস্থিত হয় যদিও জুই নুমাবলৈ সক্ষম হ'ব পৰা নাই। উক্ত অগ্নি কাণ্ডৰ ঘটনা স্হলিত পুলিচ প্ৰশাসনে উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। অগ্নি কাণ্ডত ক্ষতি সাধন হোৱা পৰিয়ালটোক ১০ লাখ টকাৰ ক্ষতি পুৰণ দিবলৈ ৰাইজে চৰকাৰক দাবী জনায়।


Post a Comment

0 Comments