বিজেপি চৰকাৰে শিক্ষাৰ ক্ষেত্ৰত আমূল পৰিবৰ্তন অনাৰ নামত দম্বালী মাৰি প্ৰায় চৰকাৰৰ পাচ বছৰীয়া অতিক্ৰম কৰিলে যদিও সেয়া ফুটুকাৰ ফেনৰ পৰিনত হোৱা পৰিলক্ষিত হৈছে-
ফৰিজ উদ্দিন আহমেদ, বিলাসীপাৰা-
বিজেপি চৰকাৰে শিক্ষাৰ ক্ষেত্ৰত আমূল পৰিবৰ্তন অনাৰ নামত দম্বালী মাৰি প্ৰায় চৰকাৰৰ পাচ বছৰীয়া অতিক্ৰম কৰিলে যদিও সেয়া ফুটুকাৰ ফেনৰ পৰিনত হোৱা পৰিলক্ষিত হৈছে।তাৰ প্ৰমাণ স্বৰুপে ধুবুৰী জিলাৰ বিলাসী পাৰা প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত সুতাৰপাৰা নৈচাৰধাপ প্ৰাথমিক বিদ্যালয় খনে জলন্ত উদাহৰণ।
বিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰীৰ পাঠদানৰ নামত প্ৰধান শিক্ষক আৰু সহ শিক্ষকৰ চৰম হেমাহি।
মধ্যহ্ন ভোজনৰ আহাৰৰ নামত ব্যাপক কেলেংকাৰী হোৱা পৰিলক্ষিত হৈছে। ল'ক ডাউনৰ পিছত দুই দিন ছাত্ৰ ছাত্ৰীক আহাৰ খুৱাই ছে বুলি বিদ্যালয়ৰ ৰান্ধনীয়ে জানিবলৈ দিয়ে।ইতিমধ্যে বিদ্যালয় খনৰ পৰিচালনা কমিটিৰ সভাপতি নিৰ্বাচনৰ নামত প্ৰধান শিক্ষক ছাইনুৰ আহমেদে ব্যাপক জালিয়াতি কৰি চাৰিটা অবৈধ প্ৰদান কৰাই নিজৰ স্বাৰ্থ সিদ্ধিৰ ভাৱে নিজৰ পছন্দ প্ৰাৰ্থী ৰসিদ আলীক বিদ্যালয় পৰিচালনা কমিটিৰ সভাপতি নিৰ্বাচিত কৰে।চাৰিটা অবৈধ ভোটৰ মাজত ৰবিয়াল হুছেইন নামৰ ছাত্ৰ গৰাকীৰ অন লাইন তালিকাত নাম নাই বা কোনো আই ডি নম্বৰ নাই বুলি ফাদিল হৈছে। লগতে শিক্ষক গৰাকীয়ে ছলিম উদ্দিনৰ চহী জাল কৰা বুলি পোহৰ লৈ আহিছে।প্ৰধান শিক্ষক গৰাকীয়ে ভোটাৰ তালিকা প্ৰস্তুত কৰাৰ ক্ষেত্ৰত অনিয়ম কৰা দেখা গৈছে। ৪৬ জনৰ ভোটাৰ তালিকা প্ৰস্তুত কৰাৰ পাছত আকৌ ৫০ জনীয়া ভোটাৰ তালিকা প্ৰস্তুত কৰে আৰু ৫০ জনীয়া ভোটাৰ তালিকা ভিত্তিত পৰিচালনা কমিটিৰ ভোট অনুষ্ঠিত কৰে।কিন্তু প্ৰধান শিক্ষকে নিজৰ পছন্দ প্ৰাৰ্থী ৰসিদ আলীক জিকাই অনাৰ বাবে বিদ্যালয়ৰ অভিভাৱকৰ অজ্ঞাতে ৫১ জনীয়া অবৈধ তালিকা প্ৰস্তুত কৰি ভোট কেন্দ্ৰৰ গৃহৰ ভিতৰত ৰাখি আৰু বাহিৰত ৰাইজৰ মাজত ৫০ জনীয়া ভোটাৰ তালিকা দিছিল যদিও ৫১ জনীয়া অবৈধ ভোটাৰ তালিকাৰে ভোটদান কাৰ্য্য আৰম্ভ কৰিছিল।যাৰ পৰিপ্ৰেক্ষিতত ভোটৰ ফলাফল ঘোষণাত ৰসিদ আলীয়ে তেওঁৰ প্ৰতিদ্বন্দী ছলিম উদ্দিনক মাত্ৰ এটা ভোটৰ বিনিময়ত পৰাস্ত কৰি পৰিচালনা সমিতিৰ সভাপতি হিচাপে নিৰ্বাচিত হয়।
আচলতে চাৰিটা অবৈধ ভোট প্ৰদান নহ'লে ছলিম উদ্দিনে সুতাৰপাৰা নৈচাৰধাপ প্ৰাথমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি হিচাপে নিৰ্বাচিত হ'লেহেতেন বুলি ৰাইজে জানিবলৈ দিয়ে।ইয়াৰ পূৰ্বেবিদ্যালয় খনৰ প্ৰধান শিক্ষক ছাইনুদ্দিন আহমেদ আৰু CRCC মোজ্জামেল হকে এনে জালিয়াতি কৰি ১৫ (পোন্ধৰ) হাজাৰ টকা জৰিমনা দিছিল।এই ক্ষেত্ৰত বিভাগীয় কতৃপক্ষই শিক্ষক ছাইনুদ্দিন আহমেদ আৰু CRCC ৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰবৰ্তী সময়ত লক্ষ্যনীয় হ'ব।



0 Comments