গোৱালপাৰাত অসম জাতীয় পৰিষদৰ যোগদান সমাৰোহৰ মূখ্য অতিথি লুৰিন জ্যোতি গগৈ-
পশ্চিম গোৱালপাৰাত অসম জাতীয় পৰিষদৰ যোগদান সমাৰোহৰ মূখ্য অতিথি লুৰিন জ্যোতি গগৈ। সভাত লুৰিন জ্যোতি গগৈৰ কেবাটাও বিস্ফোৰক মন্তব্য। একেদিনাই পশ্চিম গোৱালপাৰাৰ বগুৱান আৰু আমবাৰীৰ দুটাকৈ সভাত যোগদান।
সাম্প্ৰদায়িকতা পুলিয়ে পোখাই উভালি পেলোৱাৰ হুংকাৰ । শংকৰ আজানৰ ভেটি খহনীয়াৰ অভিযোগ। অসমৰ মাটিৰ পৰা সাম্প্ৰদায়িক শক্তিসমূহক উৎখাত কৰাৰ হুংকাৰ। জাতি বৰ্ণ ভাষা নিৰ্বিশেষে জাতীয় পৰিষদৰ দলৰ প্ৰাৰ্থীক ভোট দি জয়যুক্ত কৰাৰ আহ্বান।
২০২১ত জাতীয় পৰিষদৰ চৰকাৰ গঠন কৰাৰ হুংকাৰ লুৰিন জ্যোতি গগৈৰ । গোৱালপাৰা জিলা আহ্বায়ক সমিতিৰ উদ্যোগত আৰু গোৱালপাৰা পশ্চিম বিধানসভা সমষ্টিৰ সহযোগত যোগদান কাৰ্যসূচী ও মুকলি সভাত সভাপতিত্ব কৰে জাতীয় পৰিষদ দলৰ নেতা অচ্যুত শইকীয়াই।
অসম জাতীয় পৰিষদৰ যুটীয়া সম্পাদক ইমদাদ হুছেইনে মুকলি সভাৰ আদৰণি ভাষণ প্ৰদান কৰি উপস্থিত ৰাইজক অসম জাতীয় পৰিষদৰ পতাকাৰ তলত একত্ৰিত হবলৈ আহ্বান জনায়। সভাত মূখ্য অতিথিৰ হিচাপে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিন জ্যোতি গগৈয়ে বহু কেইটা গুৰুত্বপূৰ্ণ বিষয়ত ভাষণ প্ৰদান কৰে।
৩৫ শতাংশ আৰু ৬৫ শতাংশ শব্দৰে যি সকলে অসমত বিষবাস্প বিয়পাব সেইসকলক পুলিয়ে পোখাই উভালি পেলাব লাগিব।
কা কেতিয়াও মানি লোৱা নহব বুলি হুংকাৰ দি জাতীয় পৰিষদৰ সভাপতি গৰাকীয়ে কয় যে বিজেপি চৰকাৰে দীৰ্ঘকালৰ বাবে শাসনত থাকিবৰ বাবেই অবৈধ হিন্দু বিদেশীক সংস্থাপন দিব বিচাৰিছে। ক্ষমতাৰ বাঘজৰী বিদেশীৰ হাতত তুলি দিয়াৰ বাবেই বি জে পি চৰকাৰে সাম্প্ৰদায়িক ৰাজনীতি কৰি আছে।
নিজৰ গাদী যোৱাৰ ভয়ত মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰৰ ওচৰত আঠু লৈ অসমৰ অস্তিত্ব নিঃশেষ কৰিবলৈ চেষ্টা কৰিছে। শুদ্ধ নাগৰিকপঞ্জীৰ দাবী জনোৱাৰ লগতে ভাৰতীয় নাগৰিকৰ নাগৰিকত্ব হৰণ কৰা নচলিব বুলিও হুংকাৰ দিয়ে জাতীয় দলৰ সভাপতি গৰাকীয়ে। কিন্তু এটা কথা লক্ষ্যনীয়- বহু দাবী কৰা হল, বহু কেলেংকাৰীৰ ফাইলৰ কথা কোৱা হল কিন্তু অখিল গগৈ সম্পৰ্কে কোনো কথা কোৱা পৰিলক্ষিত নহল।

0 Comments