লক্ষীপুৰ গাৰোজান গাওঁত পথ দুৰ্ঘটনাত কিশোৰৰ মৃত্যু-

:: লক্ষীপুৰ গাৰোজান গাওঁত পথ দুৰ্ঘটনাত কিশোৰৰ মৃত্যু ::

 মতিউৰ ৰহমান,লক্ষীপুৰ-

গোৱালপাৰা জিলাৰ লক্ষীপুৰ থানাৰ অন্তৰ্গত গাৰোজান গাওঁত আজি সংঘটিত এক পথ দুৰ্ঘটনাত এটি কিশোৰৰ মৃত্যু হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।  আজি পূৱা ৮ মান বজাত গাৰোজান গাওঁৰ জলিল শ্বেখৰ পুত্ৰ ৰাজা (১৩) শ্বেখে পথত থকা অৱস্থাত ইটা ভৰ্তি  ডি আই এটাই প্ৰচণ্ড জোৰে খুন্দা মাৰে। ফলত ৰাজা পথত পৰি মূৰত গুৰুতৰ ভাবে  আঘাত পায় । স্থানীয় ৰাইজে লগে লগে লক্ষীপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায় যদিও ডাক্তৰে ৰাজাক মৃত বুলি ঘোষণা কৰে। একাংশই জনোৱা মতে ৰাজাই বাইক এখন চলাই আছিল। বৃদ্ধ এগৰাকীক বচাবলৈ গৈ বাইক খন ডি আই গাড়ী খনৰ সৈতে মুখা মূখী সংঘৰ্ষত লিপ্ত হয়। ডি আই গাড়ী খনৰ চালক জনে দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতেই ঘটনাস্হলীৰ  পৰা পলায়ন কৰে । এই সংক্ৰান্তত থানাত এটি গোচৰ ৰুজু হোৱাৰ পিছত  আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। 

Post a Comment

0 Comments