গোৱালপাৰাত ১৫২ চি আৰ পি এফ বেটেলিয়েনৰ অস্ত্ৰ শস্ত্ৰ প্ৰদৰ্শন-
"চি আৰ পি এফক জানো আহক" শীৰ্ষক প্ৰদৰ্শনীৰ উন্মোচন কৰে জিলা উপায়ুক্ত বৰ্ণালী ডেকাই।
যোৱা ২৪ জানুৱাৰীত ৭২ সংখ্যক গণৰাজ্য দিৱসক সন্মান জনাই ১৫২ নম্বৰ চি আৰ পি এফ বেটেলিয়েনৰ জোৱান সকলে সিহঁতৰ ঐতিহাসিক হাথিয়াৰৰ লগতে বৰ্তমানেও ব্যৱহাৰ কৰা হাথিয়াৰ সমূহ প্ৰদৰ্শন কৰে।
প্ৰদৰ্শনীত জিলা উপায়ুক্ত বৰ্ণালী ডেকাৰ লগতে প্ৰদৰ্শনীত অংশগ্ৰহণ কৰা সকলোকে বুজাই দিয়ে সেনা জোৱান সকলে । কোনটো মৰনাস্ত্ৰ কোন দেশত নিৰ্মিত আৰু কোনটো হাথিয়াৰ কোনটো যুদ্ধক্ষেত্ৰত সৰ্বাধিক ব্যৱহাৰ হৈছিল তাৰ বিষয়ে বিভাগীয় বেটেলিয়েন জোৱানে বুজাই কয়। দেশৰ সাৰ্বভৌমত্ব ৰক্ষাৰ ক্ষেত্ৰত সমগ্ৰ ভাৰতত চি আৰ পি এফ বেটেলিয়েনৰ বলিদান যথেষ্ট উল্লেখযোগ্য। চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানৰ সৈতে মুখামুখি হোৱা যুদ্ধত চি আৰ পি এফ বেটেলিয়েনৰ জোৱান সকলে ব্যৱহাৰ কৰা যুদ্ধাস্ত্ৰ সমূহৰ ব্যৱহাৰ আৰু ইয়াৰ নিৰ্মাণৰ বিষয়ে সবিস্তাৰে বুজাই কয় ১৫২ বেটেলিয়েন কমাণ্ডেন্ট দেৱ কুমাৰ মিশ্ৰই । ৰাইজৰ দৰ্শনাৰ্থে এই প্ৰদৰ্শন ২৮ জানুৱাৰী তাৰিখলৈ মুকলি থাকিব বুলি কয় কমাণ্ডেন্ট গৰাকীয়ে। কমাণ্ডেন্ট দেৱ কুমাৰ মিশ্ৰই চি আৰ পি এফ বেটেলিয়েনৰ জোৱান সকলে গোৱালপাৰাত সদ্ভাৱনা মিচনৰ জড়িয়তে বহু দূখীয়া ৰাইজক সাহাৰ্য্য প্ৰদান কৰাৰ কথা কয়। আজিৰ প্ৰদৰ্শনী অনুষ্ঠানত গোৱালপাৰা জিলা উপায়ুক্ত বৰ্ণালী ডেকাই চি আৰ পি এফ বেটেলিয়েনৰ জোৱানৰ লগতে উপস্থিত ৰাইজক উদ্দেশ্যি ভাষণ প্ৰদান কৰে।

0 Comments