লক্ষীপুৰত ৰাজহ চক্ৰ ভিত্তিত গণৰাজ্য দিৱস উদযাপন-

লক্ষীপুৰত ৰাজহ চক্ৰ ভিত্তিত গণৰাজ্য দিৱস উদযাপন-

মতিউৰ ৰহমান, লক্ষীপুৰ 26-01-2021

গোৱালপাৰা জিলাৰ লক্ষীপুৰ ৰাজহুৱা খেলপথাৰত  দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় গণৰাজ্য দিৱস। কালি সমগ্ৰ ভাৰতবৰ্ষৰ লগত সংগতি ৰাখি লক্ষীপুৰ ৰাজহুৱা খেলপথাৰত ৰাজহ চক্ৰ ভিত্তিত  ৭২ তম গণৰাজ্য দিৱস উদযাপন কৰা হয়। গণৰাজ্য দিৱস উপলক্ষে পূৱা ৭ বজাত শ্বহীদ তৰ্পন, ৭-৩০বজাত বৃক্ষৰোপণ  আৰু পূৱা ৯ বজাত লক্ষীপুৰ ৰাজহুৱা খেলপথাৰত ৰাজহুৱা ভাৱে পতাকা উত্তোলন কৰা হয়। পতাকা উত্তোলন কৰে লক্ষীপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৰিপন জ্যোতি নাথে। পতাকা  উত্তোলনৰ লগে লগে ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰে লক্ষীপুৰৰ প্ৰশিক্ষণ প্ৰাপ্ত মহিলা দলে।  কুৰিখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে ৰাষ্ট্ৰীয় পতাকাক আৰু পতাকা উত্তোলকক সন্মান জনাই কুজকাৱাজ প্ৰদৰ্শন কৰে। বহু কেইটা বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন ধৰণৰ দেশপ্ৰেম মূলক আকৰ্ষণীয় গীত নৃত্য আৰু ক'লা প্ৰদৰ্শন কৰে। কুজকাৱাজ প্ৰদৰ্শনত বিজয়ী হোৱা লক্ষীপুৰ টাউন হাই স্কুল,  ফলিমাৰী হাই স্কুল আৰু ফেটেংগাপাৰা হাই স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ মাজত বঁটা বিতৰণ কৰা হয়। ইয়াৰ পিছত প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত থকা ৰোগী সকলৰ মাজত  খাদ্য সামগ্ৰী বিতৰণ কৰা হয়। ১১-৩০ বজাৰ পৰা ছাত্ৰ-ছাত্ৰী সকলৰ মাজত বিভিন্ন ধৰনৰ খেল ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত  হয়। খেল-ধেমালী সমূহ পৰিচালনা কৰে ৰাজেশ ভগত, মতিউৰ ৰহমান,  আলতাবুৰ ৰহমান, ৰচিদুল ইচলাম আদিয়ে। আবেলি ১-৩০ বজাৰ পৰা চাৰিটা দলৰ মাজত প্ৰীতি ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰীতি ক্ৰিকেট প্ৰতিযোগিতাত বিজয়ী হয় লক্ষীপুৰ ৰাজহ চক্ৰ ক্ৰিকেট দল আৰু দ্বিতীয় স্থান লাভ কৰে লক্ষীপুৰ থানা দলে। উল্লেখযোগ্য যে পতাকা উত্তোলন স্থলীত ৰাইজক সম্বোধন কৰি ভাষণ আগবঢ়ায় ৰাজহ চক্ৰ বিষয়া ৰিপন জ্যোতি নাথে। ভাষণত চৰকাৰী আঁচনি ৰূপায়ণৰ সবিশেষ আৰু গণৰাজ্য দিৱসৰ তাৎপৰ্ষৰ বিষয়ে কয়। গণৰাজ্য দিৱসত প্ৰায়  ছয় সহস্ৰাধিক লোক উপস্থিত থাকি গণৰাজ্য দিৱসৰ কাৰ্যসূচী উপভোগ কৰে।

Post a Comment

0 Comments