বিলাসীপাৰা আই, এন, এ খেল পথাৰত বিলাসীপাৰা মহকুমা প্ৰশাসনৰ সৌজন্যত ৭২ তম গনতান্ত্র দিৱস উদযাপন-

বিলাসীপাৰা আই, এন, এ খেল পথাৰত বিলাসীপাৰা মহকুমা প্ৰশাসনৰ সৌজন্যত ৭২ তম গনতান্ত্র দিৱস উদযাপন-

বিলাসীপাৰাঃ ২৬ জানুৱাৰী-

সমগ্ৰ ৰাজ্যৰ লগত সংগতি ৰাখি ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমা আৰক্ষী বিষয়াৰ উপস্থিতত বিলাসীপাৰা    মহকুমাধিপতি শ্ৰীযুত মৃদুল যাধৱে ৰাতিপুৱা ৯.০০(নয়) মান বজাত আই,এন, এ খেল পথাৰত  ৭২ তম গনতান্ত্র দিৱসৰ তিনি বৰণীয়া জাতীয় পতাকা উত্তোলন কৰে।

উল্লেখ্য যে তিনি বৰণীয়া  জাতীয় পতাকা উত্তোলনৰ সময়ত উপস্থিত থাকে, বিলাসীপাৰা পূৱ আৰু পশ্চিম বিধান সভাৰ সমষ্টিৰ বিধায়ক শ্ৰীযুত অশোক কুমাৰ সিংহী দেৱ, শ্ৰীযুত বছিৰ আহমেদ কাছেমী  বিলাসীপাৰা মহকুমাৰ বিভিন্ন বিভাগৰ বিষয় - বৰীয়া সকলৰ উপৰিও বিভিন্ন বিদ্যালয়ৰ এন চি চি গ্ৰুপ অংশ গ্ৰহণ কৰে। পতাকা উত্তোলনৰ কাৰ্য্যসূচী খনত মায়াৰ চৰ ষষ্ঠ খণ্ড গাওঁৰ গাওঁৰক্ষী বাহিনী আবুল কালামক আৰু সুৰ্য্যখাতা প্ৰথম খণ্ড গাওঁৰ গাওঁৰক্ষী বাহিনীৰ মাহিদুল আহমেদক লগতে সূৰ্য্যখাতা দ্বিতীয় খণ্ডৰ  গাঁওৰক্ষী  বাহিনী   নুৰ আমিনৰ কৰ্ম আৰু দায়িত্বৰ প্ৰতি উৎফুলিত হৈ বিলাসীপাৰা মহকুমাধিপতিয়ে শ্ৰেষ্ঠ গাওঁৰক্ষী বাহিনীৰ এখন দক্ষতা পূৰ্ণ  চাৰ্টিফিকেট প্ৰদান কৰা বুলি জানিব পৰা গৈছে ।

Post a Comment

0 Comments