কমতাপুৰ সংখ্যালঘু মহা মঞ্চৰ দক্ষিণ শালমাৰা জিলা কমিটি গঠন-

কমতাপুৰ সংখ্যালঘু মহা মঞ্চৰ দক্ষিণ শালমাৰা জিলা কমিটি গঠন-

বিলাসীপাৰা, ফৰিজ উদ্দিন আহমেদ

ধুবুৰী জিলাৰ গৌৰীপুৰ মাটিয়াবাগ হানিফ উদ্দিন মণ্ডলৰ বাসগৃহত কমতাপুৰ সংখ্যালঘু মহা মঞ্চৰ দক্ষিণ শালমাৰা জিলা কমিটি গঠন কৰা উপলক্ষে দক্ষিণ শালমাৰা সমষ্টিৰ বাসিন্দা ‌ৰাইজুদ্দিন সৰকাৰৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হৈ যায়। 

উক্ত সভাত  দক্ষিণ শালমাৰা সমষ্টিৰ বহুতো গন্য মান্য ব্যক্তিৰ লগতে সমাজ সেৱক তথা বুদ্ধিজীৱী আৰু কমতাপুৰ সংখ্যালঘু মহা মঞ্চৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বাহেজ উদ্দিন‌ আহমেদৰ উপস্থিতিত হানিফ আলী‌ মণ্ডলক সভাপতি আৰু আলাল উদ্দিনক সাধাৰণ সম্পাদক‌ হিচাপে লৈ ৩১ জনীয়া ‌কমতাপুৰ মহা মঞ্চৰ দক্ষিণ শালমাৰা জিলা কমিটি গঠন কৰা হয়। উক্ত সভাত প্ৰায় দুই শতাধিক ৰাইজ উপস্থিত থাকে।

Post a Comment

0 Comments