কমতাপুৰ সংখ্যালঘু মহা মঞ্চৰ গোৱালপাৰা পশ্চিম সমষ্টিৰ জিলা কমিটি গঠন
গোৱালপাৰা জিলাৰ বগুৱান স্কুল খেল পথাৰ প্ৰাঙ্গণত কমতাপুৰ সংখ্যালঘু মহা মঞ্চৰ উদ্যোগত এখন সাধাৰণ সভা অনুষ্ঠিত হৈ যায়। সভাত সভাপতিত্ব কৰে স্হানীয় সমাজ সেৱক আবু বক্কাৰ ছিদ্দিকে। উক্ত সভাত কমতাপুৰ সংখ্যালঘু মহা মঞ্চৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বাহেজ উদ্দিন আহমেদ, উপদেষ্টা ছাইফুৰ ৰহমান, আকবৰ আলী আৰু কোষাধক্ষ্য নুৰ আলমৰ উপস্থিতিত আবু বক্কাৰ ছিদ্দিকক সভাপতি আৰু আবুল কাচেমক সাধাৰণ সম্পাদক হিচাপে লৈ ৩১ জনীয়া কমতাপুৰ সংখ্যালঘু মহা মঞ্চৰ গোৱালপাৰা পশ্চিম সমষ্টিৰ জিলা কমিটি গঠন কৰা হয়। উক্ত সভাত গন্য মান্য ব্যক্তি সকলৰ লগতে শতাধিক ৰাইজে উপস্থিত থাকে।
0 Comments