বিলাসীপাৰা হাকামাত ৫ কোটি টকা ব্যয় সাপেক্ষে এখন পেকেজৰ চাৰিটা পথ নিৰ্মাণ কামৰ আজি শুভ উদ্বোধন বিধায়ক অশোক কুমাৰ সিংহীৰ-

বিলাসীপাৰা হাকামাত ৫ কোটি টকা ব্যয় সাপেক্ষে এখন পেকেজৰ চাৰিটা পথ নিৰ্মাণ কামৰ আজি শুভ উদ্বোধন বিধায়ক অশোক কুমাৰ সিংহীৰ-

বিলাসীপাৰাঃ ৮ জানুৱাৰীঃ নামনি  অসমৰ ধুবুৰী জিলাৰ বিলাসীপাৰা পূৱ বিধান সভা সমষ্টি খনত ২০১৯-২০ বিৰ্ত্তীয বৰ্ষৰ দৰ্শন আঁচনি অধীনৰ এখন পেকেজৰ ৫ কোটি টকা ব্যয় সাপেক্ষে আজি  বিলাসীপাৰা  হাকামা বিল সংযোগী পথ নিৰ্মাণৰ কামৰ লগতে মুঠ চাৰিটা পথ নিৰ্মাণৰ কাম শুভ উদ্বোধন কৰে,লগতে কেইবাখন ক্লাৱত ভলীবল ফুটবল বিতৰণ কৰে,  ২৭ নং পূৱ বিধান সভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ ৰাইজেৰ জনপ্ৰিয় কৰ্মৰাজি বিধায়ক শ্ৰীযুত অশোক কুমাৰ সিংহীয়ে। উল্লেখ্য যে উদ্বোধনী অনুষ্ঠানটোত উপস্থিত থাকে, ধুবুৰী জিলা উপায়ুক্ত শ্ৰীযুত অনন্ত লাল জ্ঞানী ,বিলাসীপাৰা মহকুমাধিপতি মৃদুল যাধৱ,বিলাসীপাৰা মহকুমাৰ ক্ষেত্রীয় সংমণ্ডলৰ কাৰ্য্যৱাহী অভিযন্তা শ্ৰীযুত দ্বীপেন্দ্ৰ নাথ দেৱ,ধুবুৰী পূৱ জিলা কমিটিৰ সভাপতি প্ৰফুল্ল্য কলিতা দেৱ  আদিকে ধৰি দলীয় সতীৰ্থ বৃন্দৰ লগতে স্থানীয় গন্য মান্য ব্যক্তিও উপস্থিত থাকে। ইয়াৰ উপৰিও অনুষ্ঠানটোত নামনি অসমৰ অন্যতম এক গায়িকা কুকিলা সৰকাৰে গীত পৰিৱেশন কৰি জনসাধাৰণক মনমুগ্ধ কৰি তোলে।।  

Post a Comment

0 Comments