গোৱালপাৰা জিলাৰ পশ্চিম সমষ্টিৰ অন্তৰ্গত আমবাৰী কালজানী বাজাৰ প্ৰিমিয়াৰ লিগ ক্ৰিকেট টুৰ্ণামেণ্টৰ বিশাল আয়োজন-
গোৱালপাৰা জিলাৰ পশ্চিম সমষ্টিৰ অন্তৰ্গত আমবাৰী কালজানী বাজাৰ প্ৰিমিয়াৰ লিগ ক্ৰিকেট টুৰ্ণামেণ্টৰ বিশাল আয়োজন। অঞ্চলজুৰি উছাহৰ ঢল। সাধনা ক্লাবৰ উদ্যোগত আয়োজিত প্ৰথম বাৰ্ষিক দিবা নৈশ লাইট টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰস্তুতি সম্পন্ন।
৭,৮ আৰু ৯ জানুৱাৰী তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে উদযাপিত হোৱা দিবা নৈশ লাইট টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতাৰ বিজয়ী দলক খেল উদযাপন সমিতিৰ তৰফৰ পৰা আগবঢ়াইছে আকৰ্ষণীয় পুৰস্কাৰ। দীৰ্ঘদিনীয়া লকডাউনৰ ফলত ক্ৰীড়া জগতৰ বিস্তৰ ক্ষতি হয় আৰু তেনে সময়তে গোৱালপাৰা জিলাৰ বৃহত্তৰ আমবাৰী কালজানী অঞ্চলৰ উদীয়মান যুৱক সকলে প্ৰতিযোগিতামূলক ক্ৰিকেট খেল পাতি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।
উক্ত খেলৰ আকৰ্ষণীয় পুৰস্কাৰ সমূহ এনে ধৰণৰ -
বিজয়ী দলক নগদ ৩০ হাজাৰ টকা লগতে ট্ৰফি প্ৰদান কৰা হব।
একেদৰে ৰানাৰ্চ আপ দলক নগদ ২০ হাজাৰ পুৰস্কাৰৰ লগতে ট্ৰফী প্ৰদান কৰা হব। লগতে মেন অৱ দা মেচ, বেষ্ট বলাৰ, বেষ্ট বেটচ্ মেনক নগদ ধনৰ লগতে ট্ৰফী প্ৰদান কৰা হব। সাধনা ক্লাবৰ প্ৰথম বাৰ্ষিক দিবা নৈশ লাইট টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতাৰ আকৰ্ষণীয় খেলত সকলো ক্ৰীড়া প্ৰেমী ৰাইজৰ সহায় সহযোগিতা বিচাৰিছে খেল উদযাপন সমিতিৰ সম্পাদক বেল্লাল হুছেইনে।



0 Comments