আজানপীৰ বটাঁপ্ৰাপ্ত প্ৰয়াত আব্দুৰ ৰহিম মুস্তাফীৰ পৰিয়ালৰ দুৰাৱস্থা । পুত্ৰই দিন হাজিৰা কৰি পোহপাল দিছে পৰিয়াল। ৰাজ্যবাসীলৈ সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান ।

আজানপীৰ বটাঁপ্ৰাপ্ত প্ৰয়াত আব্দুৰ ৰহিম মুস্তাফীৰ পৰিয়ালৰ দুৰাৱস্থা । পুত্ৰই দিন হাজিৰা কৰি পোহপাল দিছে পৰিয়াল। ৰাজ্যবাসীলৈ সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান ।


গোৱালপাৰা চহৰৰ নিচেই কাষতে থকা হেলাপাখৰীৰ প্ৰয়াত বিশিষ্ট সাহিত্যিক, কবি,সাংবাদিক আব্দুৰ ৰহিম মুস্তাফীৰ পৰিয়ালত নামি আহিছে ঘোৰ অমানিশা ।এই গৰাকী বিশিষ্ট চিন্তাবিদ, জেষ্ঠ্য কবি,সাহিত্যিক, সাংবাদিক জিলাখনৰ একমাত্র আজান পীৰ বটাঁ প্ৰাপ্ত,ৰত্নপীঠ বটাঁ প্ৰাপ্ত, ছোভিয়েট ৰাছিয়া চৰকাৰৰ পৰা  পুস্কিন বটাঁ  আৰু পুৰস্কৃত হৈছিল । প্ৰচাৰ বিমুখ নীৰৱ সাধনাৰে আব্দুৰ ৰহিম মুস্তাফীয়ে অৰ্ধশতাধিক গ্ৰন্থ ৰচনা কৰিছিল । তেও কেবাখনো বাতৰি কাকত, আলোচনীৰ সম্পাদনা কৰিছিল ।দৰিদ্রতাৰ কৰাল গ্ৰাসত ককবকাই থাকিও স্তব্দ হোৱা নাছিল তেওঁৰ তীক্ষ্ণ সৃষ্টিশীল কলম।যোৱা ২০১৩ চনৰ ১৪ অক্টোবৰত শেষ নিশ্বাস ত্যাগ কৰা এইগৰাকী বিশিষ্ট সাহিত্যিক তথা সাংবাদিকে জীৱিত কালতো চৰকাৰৰ পৰা কোনোধৰণৰ সহায় সহযোগিতা লাভ কৰিবলৈ সক্ষম হোৱা নাছিল আৰু মৃত্যুৰ পিছতো দৰিদ্ৰ পৰিয়াললৈ চৰকাৰৰ পৰা কোনোধৰণৰ সহায় নাপাই এতিয়া পৰিয়ালটোত হাহ নচৰা অৱস্থা হৈছে । আনকি আজান পীৰ বটাঁৰ লগত থকা এক লাখ টকাটোও আজি পৰ্যন্ত নাপালে।প্ৰয়াত মুস্তাফীৰ পত্নী এতিয়া ৰোগাক্ৰান্ত হৈ টকাৰ অভাৱত উন্নত চিকিৎসা কৰিব পৰা নাই।সেয়ে কোনো সদাশয় ব্যক্তিয়ে  এই দৰিদ্ৰ পৰিয়ালটোক সহায় কৰিব বিচাৰিলে প্ৰয়াত মুস্তাফীৰ পত্নী লুবাবা মাছুৰাৰ একাউন্ট নং 34350822565, IFSC Code No. SBIN0000082 নম্বৰত সহায়ৰ হাত আগবঢ়াব পাৰিব ।

Post a Comment

0 Comments