নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৫ তম জন্ম জয়ন্তী দিৱস উদযাপন, লগতে গৰীৱ-দুখীয়া ৰাইজৰ মাজত কন্বল বিতৰণ-
বিলাসীপাৰাঃ ২৩ জানুৱাৰীঃ সমগ্ৰ ৰাজ্যৰ লগত সংগতি ৰাখি ধুবুৰী জিলাৰ বিলাসীপাৰা মিলন সংঘৰ উদ্যোগত বিশিষ্ট সমাজ কৰ্মী তথা ডঃ কানুলালৰ উপস্থিতত বিলাসীপাৰা বাবু পাৰাত আজি নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৫ তম জন্ম জয়ন্তী দিৱস উদযাপন কৰে । উল্লেখ্য যে উক্ত উদযাপন কাৰ্য্যাসুচী খনত প্ৰথমে পতাকা উত্তোলন কৰে, তাৰ পিছত নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্ৰতিছবিত মাল্য পান কৰি পুস্পাঞ্জলি জনাই লগতে নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্ৰতিছবিৰ চৌহদত বৃক্ষৰোপণ কৰে, ইয়াৰ উপৰিও মিলন সংঘৰ কৰ্ম-কৰ্ত্তা সকলে গৰীৱ- দুখীয়া ৰাইজৰ মাজত কন্বল বিতৰণ কৰে।

0 Comments