নাৰীৰ_সুৰক্ষা-

 

#নাৰীৰ_সুৰক্ষা


                 

আধুনিক শিক্ষাৰে শিক্ষিত হৈ সমাজত নাৰীৰ মৰ্যদা বাঢ়িছে যদিও ব্যৱহাৰিক জীৱনত নাৰী এতিয়াও নিৰপত্তাহীনতাত ভূগিছে | মানৱ সভ্যতাৰ বিকাশে আজি একবিংশ শতিকাৰ চৰম সীমাত উপনিত হৈছে গৈ! বিজ্ঞানৰ নতুন আবিস্কাৰে আজিৰ মানুহবোৰক উচ্চ শিখৰলৈ লৈ গৈছে | বিজ্ঞানৰ অগ্ৰগতিৰ বাবেই সুনিতী উইলিয়ামছে মহাকাশৰ বুকুত কেইবা দিনো কটাই আকৌ পৃথিৱীৰ বুকুলৈ নামি আহিবলৈ সক্ষম হৈছে |বৰ্তমান সমাজ ব্যৱস্থাত নাৰীয়ে পুৰুষৰ দৰে সকলো ক্ষেত্রত সম্পুর্ণ স্বাধীনতা পাবলৈ সক্ষম হৈছে | বৰ্তমান সময়ত নাৰীয়ে আধুনিক শিক্ষাৰে শক্ষিত হৈ অৰ্থনৈতিক ভাবে স্বাবলম্বী হোবাৰ উপৰি সামাজিক তথা ৰাজনৈতিক দিশতো আগবাঢ়ি গৈ নিজৰ জীৱন আগুৱাই নিবলৈ সক্ষম হৈছে | চাকৰি, ব্যৱসা, অধ্যায়নৰ ক্ষেত্রত, ৰাজনৈতিক ক্ষেত্রত, স্বাস্থ্য সেৱা আদি সামাজিক উন্নয়ন মূলক কাম কৰাৰ উপৰিও আনকি মহাকাশলৈ যোৱাৰ পাৰদর্শিতা দেখুৱাবলৈও সক্ষম হৈছে | মুঠতে বৰ্তমান সমাজৰ নাৰীয়ে কেৱল পৰিয়ালৰ মাজতে সীমা বদ্ধ হৈ নাথাকি সামাজিক বহল ক্ষেত্রখনৰ লগত বিয়পি পৰিছে | নাৰী আৰু পুৰুষ এটা আনটোৰ পৰিপুৰক | সমাজ পাতি বাসকৰা মানুহৰ সামাজিক জীৱনৰ বিবাহ অন্যতম | বিবাহ এক পৰম্পৰাগত সামাজিক বান্ধোন | বিবাহ যত দুখন হৃদয়, দুটি আত্মাৰ মিলন হয় | বিবাহ হল এগৰাকী নাৰীৰ সৈতে গোটেই জীৱন জুৰি সুখে-দুখে একেলগে থকাৰ অধিকাৰ | এই সম্বন্ধ অতি নিবিড় | বৈবাহক সম্বন্ধ স্থান হোৱাৰ পাছত জীৱন লৈ অহা হেজাৰ হেজাৰ বিপদ বিঘীনি নাৰী পুৰুষ দুয়ো একেলগে মূৰ পাতি লয় | অতীতৰ পৰা বিবাহ এক পবিত্ৰ আৰু জীৱন জোৰা বন্ধন বুলি গণ্য কৰি অহা হৈছে | কিন্তু বৰ্তমান সমাজৰ বিবাহৰ নামত থকা সকলো বিশ্বাস আৰু প্ৰতিশ্ৰুতি যেন মিছা হৈ পৰিছে | 

                   বৰ্তমান সমাজত যৌতুক নামৰ ব্যধিটোৱে সমাজখনলৈ বিষ বিয়পাই দিয়াৰ লগতে সমাজত এটা অসুস্থ মানসিকতাৰ স্খলন ঘটাইছে | আধুনিক শিক্ষাৰে শিক্ষিত হৈ সমাজৰ নাৰীৰ মৰ্যদা বাঢ়িছে যদিও ব্যৱহাৰিক জীৱনত নাৰী এতিয়াও নিৰাপত্তাহিনতাত ভূগি়ছে | বৰ্তমান সময়ত প্ৰতি গৰাকী নাৰীয়েই তেওঁলোকৰ বিবাহ কাৰ্য্য অনুষ্ঠিত কৰাৰ সময়ত যৌতুকৰ বাবে শংকিত হব লগা হৈছে | সমাজত প্ৰচলিত অন্যান্য জ্বলন্ত সমস্যাৰ দৰে যৌতুকে বিৰাট প্ৰত্যাহ্বান ৰুপে থিয় দি়ছে | যৌতুক দিবলৈ সক্ষম নোহোৱাৰ বাবে বিয়াৰ দিনাও দৰা ঘৰীয়াই বিয়া ভাঙি দিয়াৰ উদাহৰণ আমাৰ সমাজত বহুত আছে | আনকি দাবী কৰা মতে যৌতুক নাপালে শিৰত সেন্ধুৰ দিয়াৰ পিছত বা ইছলাম ধৰ্মত কবুল কোৱাৰ পিছত কইনাক বিয়া নকৰাই এৰি অহাৰ ঘটনা অলেখ | ভাৰতীয় বা অসমীয়া নাৰীৰ মৰ্য্যাদা ৰক্ষা কৰিবলৈ হলে প্ৰথমে আইনজীৱি, সংবাদ কৰ্মীসকল আৰু আমাৰ প্ৰশাসন যন্ত্ৰ এই তিনিওটা বিভাগৰ দায়িত্বত থকা ব্যক্তি সকলে স্বচ্ছ আৰু নিকা ভাবে কাম কৰি যাব লাগিব | নাৰী জাতিৰ সন্মান যাতে কেতিয়াও হানি হব নোৱাৰে আৰু কনো দৰা ঘৰীয়াই বিয়া কৰি আহি যাতে যৌতুক বিচাৰিব নোৱাৰে | আহক ইয়াৰ বাবে আমি আটায়ে ঐক্যবদ্ধ ভাবে প্ৰতিবাদ কৰোঁ | (ফাৰুক আব্দুল্লাহ)

Post a Comment

0 Comments