ব্ৰেকিং নিউজ বিলাসীপাৰাঃ
বিলাসীপাৰা আই বিত আধাৰ কাৰ্ড কেন্দ্ৰত চলিছে দালাল ৰাজৰ দপদপনি।
সাধাৰণ জনতাৰ অভিযোগ অনুসৰি অপৰেটৰ আৰু সহকাৰী পৰীক্ষণ বিষয়া গৰাকীয়ে পঞ্চায়ত সদস্য আৰু দালালৰ হতুৱাই ৩০০-৫০০ টকা পৰ্যন্ত ধন সংগ্ৰহ।
উল্লেখ্য যে অপৰেটৰ আৰু সহকাৰী পৰীক্ষণ বিষয়া গৰাকীয়ে,সাধাৰণ জনতাৰ কাম নকৰি পঞ্চায়ত সদস্য আৰু দালালৰ কাম সমূঁহ কৰি দিয়ে বুলি সাংবাদিকৰ কেমেৰাৰ আগত অভিযোগ উত্থাপন কৰে,ভূক্তভুগী সাধাৰণ জনতাই।
মনকৰিবলগীয়া কথা যে এনে দুৰ্নীতি সংঘটিত হৈছে ধুবুৰী জিলাৰ বিলাসীপাৰা আই বিত বাহিৰ ছুৱাপাতা গাওঁ পঞ্চায়তৰ আধাৰ কাৰ্ড কেন্দ্ৰত।
এনে দুৰ্নীতি সংঘটিত কৰাৰ বিৰুদ্ধে,বিলাসীপাৰা মহকুমাধিপতি আৰু ধুবুৰী জিলা উপায়ুক্তৰ ওচৰত বিহিত ব্যৱস্থাৰ দাৱী তুলিছে, ভূক্তভুগী সাধাৰণ জনতাই।

0 Comments