পুনৰ কৰ’ণাৰ আৰম্ভণি- ১ ডিচেম্বৰৰ পৰা কাৰ্যকৰী হব পাৰে কৰ’ণাকআৰম্ভণি-কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ নতুন নিৰ্দেশনা

 ১ ডিচেম্বৰৰ পৰা কাৰ্যকৰী হব পাৰে কৰ’ণাকআৰম্ভণি-কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ নতুন নিৰ্দেশনা


পুনৰ কৰ’ণাৰ আৰম্ভণি। এইবাৰ ভালকৈ সুৰক্ষাৰ দিশ চোৱা চিতা কৰিছে  স্বাস্থ্য মন্ত্ৰালয়ে। ১ ডিচেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ কৰ’ণাক মহাৰীক কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ নতুন নিৰ্দেশনা জাৰি।

৩১ ডিচেম্বৰলৈ থাকিব এই নিৰ্দেশনা । পিছলৈ পৰিস্থিতি চাই এই নিৰ্দেশনা বাহাল থাকিব নে সলনি হব তাৰ ওপৰত সিদ্ধান্ত লৱ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়।

এই নিৰ্দেশনা অনুসৰি কণ্টেইনমেণ্ট জ’নৰ নিয়ম কঠোৰ হব । লগতে ৬০ বছৰৰ ওপৰ আৰু ১০ বছৰৰ তলৰ শিশুক ঘৰতে থকাৰ নিৰ্দেশনা।

 মাস্ক পৰিধান আৰু সামাজিক দূৰত্ব এতিয়াও মানি চলিব লাগিব। মাস্ক পৰিধান নকৰিলে ভৰিব লাগিব জৰিমনা।ৰাজ্য চৰকাৰে ৰাজহুৱা পৰিবহন, বিমানৰ ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব লাগিব।

বজাৰ, ৰাজহুৱা পৰিবহনত সামাজিক দূৰত্ব মানি চলাটো এতিয়াও বাধ্যতামূলক। ৰাজহুৱা স্থানত থু-খেকাৰ পেলোৱাত নিষেধাজ্ঞা।

Post a Comment

0 Comments