নীলাঞ্জনা নদীৰ জোনাক ( 41 নং খণ্ড )
✒মঞ্জু পাৰবিন
ঋতুৰাজ উভতি অহাৰ দুদিন পিছৰ কথা | তাৰ দেউতাক আৰু সি অফিচতে ব্যৱসায়ৰ কাগজ পত্ৰবোৰ ঠিক কৰি আছিল | ব্যস্ততাৰ বাবে সি মোবাইলটো চাবলৈ পাহৰিয়েই গৈছিল | ব্যস্ততা অলপ কমাত সি চাহ একাপ খাবলৈ বহি মোবাইলটো হাতত ল'লে , ডাটা অন কৰাৰ লগে লগে এটা অচিনাকি নম্বৰৰ পৰা নীলাৰ বিভিন্ন ভংগীমাৰ নগ্ন ফটোবোৰ তাৰ হোৱাটচএপত আহিল | সি ভালকৈ চাই দেখিলে সেয়া নীলাৰহে ফটো , তাৰ ৰুমতে উঠোৱা ফটোবোৰ, কানমূৰ গৰম হৈ উঠিল তাৰ | সি নম্বৰটোলৈ মেচেজ কৰি সুধিলে ,'আপুনি কোন আৰু ফটোবোৰ ক'ত পালে বুলি | ৰিপ্লাই আহিল "মই কোন জনাৰ দৰ্কাৰ নাই মাথোঁ জানি থোৱা নীলা নষ্ট চৰিত্ৰৰ ছোৱালী , তাইক সোধাগৈ এইবোৰ একোৱে নক'ব চাবা | তুমি তাইক বিয়া কৰাই ভীষণ ঠগ খালা | মূৰ্খ তুমি |"
মূৰটো ঋতুৰাজৰ উতলি আছিল তাতে এনে ৰিপ্লাই পাই তাৰ আৰু বেছি খং উঠিল | " সেই কোন তই ? তোক কাটি টুকুৰা-টুকুৰ কৰিম মই ", নাই কোনো ৰিপ্লাই নাহিল | নম্বৰটোত ফোন মাৰিলে কিন্তু চুইচঅফ্ পালে | সি লগে লগে ঘৰলৈ আহিল |
ঃ কি এইবোৰ ?
নীলাই যি ভয় কৰিছিল তাকে হ'ল , তাই কি ক'ব ঋতুৰাজক | অলপ আগতে তাইৰ মোবাইলত সেই অচিনাকি নম্বৰটোৰ পৰা ভাবুকি আহিছে কেনেবাকৈ কাৰোবাৰ আগত মুখ খুলিলে অনুৰাগক গুলিয়াই দিব বুলি | তাইৰ মনটো এনেই ভয়ত আছিল তাতে ঋতুৰাজৰ এই প্ৰশ্ন |
যেন শিল হৈ যাব তাই |ধৈৰ্য্যৰ বান্ধোন চিঙি গ'ল ঋতুৰাজৰ , সি তাইৰ বাউসিত খামুচি ধৰি উষ্মাৰে সুধিলে ,
ঃ উত্তৰ নিদিয়া কিয় তুমি, এইবোৰ কি সঁচা নে মিছা ?
ঃ মই নাজানো একো, মই একো ক'ব নোৱাৰো |
ঃ হোৱাট ? কি একো ক'ব নোৱাৰা ?
ঠাচকৈ চৰ এটা মাৰিলে সি তাইৰ গালত |
কিয় মোৰ লগত বিশ্বাসঘাতকতা কৰিলা, কিয়? কিয়? কি অপৰাধ কৰিছিলো মই | তোমাক ভালপোৱা, বিয়া কৰোৱাটোৱে মোৰ অপৰাধ নে কি | মই সপোনতো ভৱা নাছিলোঁ তোমাৰ ভিতৰত এনে কুতচিত ৰূপ লুকাই আছে | কিয় মোৰ জীৱনটো ধ্বংস কৰিলা তুমি |
খং আৰু দুখত নিজৰ চুলিত খামুচি ধৰি ধপকৈ বিচনাত বহি পৰিল সি | নীলাই উচুপি থাকিল একো প্ৰকাশ কৰিব নোৱাৰাৰ বেদনাত | তাই যেন বোবা হৈ পৰিছে | "কিয় দুখবোৰ মাথোঁ মোৰ জীৱনলৈকে আহে | আচলত কোনোবা জীৱনৰ অভিশপ্তা নাৰী মই " প্ৰচণ্ড দুখত নীলা কান্দি থাকিল | চকুলোবোৰ যেন শেষেই নহ'ব কোনোদিন |
সন্ধিয়ালৈকে ঋতুৰাজ তেনেদৰেই বিচনাত পৰি থাকিল | সি আচলতে সহ্যই কৰিব পৰা নাই | এতিয়া কি কৰিব সি ভাৱি নাপালে | প্ৰচণ্ড ঘৃণা জাগিল তাৰ নীলালৈ | কি চলনাময়ী নাৰী , কেনেকৈ ইমান ভালপোৱাৰ অভিনয় কৰিব পাৰিলে তাই তাৰ লগত | একমূহূৰ্তও যেন আৰু তাইৰ ওচৰত থাকিব নোৱাৰিব তাই | সি বিচনাৰ পৰা উঠি তাইৰফালে নোচোৱাকৈ উঠি গ'ল ৰুমটোৰ পৰা আৰু বাইকখন লৈ ওলাই গ'ল উদ্দেশ্যহীনভাৱে | ৰাস্তাৰে যাওঁতে তাৰ অনুভৱ হ'ল যেন সি বিপৰীতফালৰ পৰা আহি থকা ট্ৰাকখনৰ লগত খুন্দা মাৰি দিব | শেষ হৈ যাওঁক তাৰ ব্যৰ্থ জীৱনৰ সমস্ত যন্ত্ৰনা | ঋতুৰাজে চিনাকি বাৰ এখনলৈ গ'ল | সি মদ বিচৰাত সদায় দেখি থকা বাৰৰ ল'ৰাজন আচৰিত হ'ল , কিয়নো সি কোনোদিন ড্ৰিংকচ নকৰে , লগৰ কাৰোবাৰ লগত গ'লেওঁ মদ নুচুৱে | দুপেগমান গিলাৰ পিচত তাৰ হৃদয়ৰ যন্ত্ৰনা অলপ কমি বুকুখন পাতল যেন লাগিল | সি এপেগৰ পিচত আন পেগ গিলি গ'ল আৰু এটা সময়ত বেহুচহৈ টেবুলৰ ওপৰতে মুৰটো থৈ শুই থাকিল |
নিশা হৈ অহাত ঋতুৰাজ উভতি নহাত নীলাই কান্দি কান্দি ৰামুকাক ক'লে | ৰামুকাই তাইক চিন্তা নকৰিবলৈ কৈ ঋতুৰাজক বিচাৰি ওলাই গ'ল | নীলাই একো নাখাই দুঃচিন্তাৰে ৰুমত বহি চকুলো টুকি থাকিল | বহুত সময় পিচত বাৰৰ ল'ৰাজন আৰু ৰামুকাই বাইকৰ মাজত বহাই প্ৰায় বেহুচ অৱস্থাৰে ঋতুৰাজক ঘৰলৈ লৈ আহিল | ঋতুৰাজৰ মাক -দেউতাক শুইছিল সিহঁতে একো গমেই নাপায় | ঋতুৰাজক ৰামুকা আৰু ল'ৰাজনে ধৰি আনি বিচনাত শুৱাই দিলে | ল'ৰাজনে ঋতুৰাজৰ বাইকখন লৈ গুচি গ'ল পুৱাই দি যাব বুলি |
নীলাই ঋতুৰাজৰ জোতামোজা খুলি দিলে | মুখেৰে আৰু গাৰ চোলাটোৰ পৰা মদৰ ভেকেটা ভেকেট গোন্ধ আহি আছে তাই তাৰ চোলাটো খুলি দি কম্বলেৰে গাটো ঢাকি দিলে | গামোচা তিয়াই মুখখন মচি দিলে | গোটেই নিশাটো তাই চকুৰ টিপ এটাওঁ মাৰিব নোৱাৰিলে | চেপি চেপি কান্দি থাকিল তাই | তাই কি কৰিব এতিয়া , কেনেকৈ বুজাব তাক | ঋতুৰাজৰ মুখলৈ চাই তাইৰ কলিজাটো কান্দি উঠিল , তাইক ইমান ভালপোৱা মানুহজন আজি তাইৰ বাবেই দুখত ভাঙি পৰিছে ,ইমান আঘাত পাইছে |
(আগলৈ )

0 Comments