গোৱালপাৰা জিলাৰ চুনাৰী মহাবিদ্যালয় পেক্ষাগৃহত বি জে পি দলৰ সংখ্যালঘু মর্চাৰ উদ্যোগত মণ্ডল কার্যনিবাহক সভা।
ৰফিকুল ইছলামে আতধৰা কাৰ্যনিৰ্বাহক সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বি জে পি দলৰ অসম ৰজ্যিক সংখ্যলঘু মর্চাৰ সম্পাদক আব্দুৰ ৰহিম জিব্রান । উক্ত কাৰ্যনিৰ্বাহক সভাত মূখ্য অতিথিৰ ভাষণত জিব্ৰানে বিগত দিনৰ কংগ্ৰেছ চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰি কয় যে কংগ্ৰেছ চৰকাৰে সংখ্যালঘু ৰাইজক কেৱল ভোট বেংক হিচাপেহে ব্যৱহাৰ কৰি আহিছিল, সংখ্যালঘু ৰাইজৰ উন্নয়নৰ বাবে সমাহাৰে কোনো কাম কৰাৰ নজিৰ নাই। তাৰ বিপৰীতে বিজেপি চৰকাৰ ক্ষমতাত অহাৰ পৰা সংখ্যালঘু লোক সকল অতি নিৰাপত্তাত আছে আৰু সমাহাৰে চৰকাৰী আচনিও ভোগ কৰি আছে। গোৱালপাৰা জিলাৰ পূব সমষ্টি আৰু পশ্চিম সমষ্টিত দুগৰাকীকৈ কংগ্ৰেছৰ বিধায়ক থকা সত্বেও ৰাইজৰ উন্নয়নৰ প্ৰতি আওকাণ কৰি কেৱল ব্যক্তিগত লাভালাভৰ প্ৰতিহে গুৰুত্ব দি আহিছে বুলিও ভাষণ প্ৰসংগত কয় আব্দুৰ ৰহিম জিব্রানে । একেদৰে কাৰ্যনিৰ্বাহক সভাত উপস্থিত থাকি গোৱালপাৰা জিলা সংখ্যলঘু মর্চাৰ সভাপতি আবু বক্কাৰ ছিদ্দিক আহমেদে সংখ্যালঘু সম্প্ৰদায়ৰ উন্নয়নৰ ওপৰত আলোকপাত কৰি ভাষণ প্ৰদান কৰে। সভাত গোৱালপাৰা পশ্চিম সমষ্টিৰ বিভিন্ন মণ্ডলৰ প্ৰায় দুই শতাধিক কৰ্মী উপস্থিত থাকে। লগতে উক্ত সভাত-
বিজেপি গোৱালপাৰা জিলাৰ প্ৰাক্তন উপ- সভাপতি পুৰন্দৰ ৰাভা, ৰাজ্যিক জন জাতি মর্চাৰ সাধাৰণ সম্পাদক মঞ্জিত ৰাভা, লক্ষীপুৰ মণ্ডল সভানেত্রী অঞ্জলিমা বৰ্মন , সংখ্যলঘু মর্চাৰ মণ্ডল প্রভাৰী আমিৰ হুচাইন, সহ প্রভাৰী আব্দুৰ ৰেজ্জাক, জিলা কিষাণ মর্চাৰ সম্পাদক সহিদুল ইছলামৰ লগতে বহু কেইগৰাকী জিলা পৰ্য্যায়ৰ নেতা উপস্থিত থাকে।

0 Comments