দোমনী খণ্ড সমাজৰ উদ্যোগত - দোমনীত ৮৩ সংখ্যক ৰাস পূজা ও মহোৎসৱ-


দোমনীত ৮৩ সংখ্যক ৰাস পূজা ও মহোৎসৱ, দোমনী খণ্ড সমাজৰ উদ্যোগত অইন অইন বছৰৰ দৰে এইবেলিও অনুষ্ঠিত হ'ল শ্ৰী শ্ৰী ৰাস পূজা ও মহোৎসৱ । ২৮ আৰু ২৯ নবেম্বৰ তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ল ৰাস মহোৎসৱ ।
 ৰাস মহোৎসৱৰ কাৰ্যসূচী মতে, ২৮ নবেম্বৰত শ্ৰী শ্ৰী বুঢ়া গোসাঁই মন্দিৰত ৮৩ গচি বন্তি প্ৰজ্বলন কৰি  প্ৰতিমা আনয়ণ, ঘট স্থাপন, প্ৰসঙ্গ প্ৰনালী আৰু সম্বৰ্ধনা পৰ্ব অনুষ্ঠিত হয় । ইয়াৰ পিছতে ২৯ নবেম্বৰত পুৱা ৯ বজাত পতকা উত্তোলন  কৰে বুঢ়া গোসাঁই মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি লোহিত চন্দ্ৰ নাথে । ৯ - ৩০ বজাত শ্বহীদ বেদীত বন্তি প্ৰজ্বলন কৰে খণ্ড সমাজৰ জেষ্ঠ নাগৰিক ৰমাকান্ত নাথে । ইয়াৰ পিছতে শ্বহীদ বেদীত মাল্যাৰ্পন কৰে সমাজকৰ্মী ৰজনীকান্ত নাথে ।


বিয়লি ৩ বজাৰ পৰা আমন্ত্ৰিত নাম দলৰ দ্বাৰা নাম পৰিবেশন, সন্ধিয়া প্ৰসঙ্গ আৰু প্ৰসাদ বিতৰণৰে পূজা ও মহোৎসৱৰ সফল সমাপ্তি হয় । ।

 

প্ৰেৰক""" কন্দৰ্প নাথ, মাটিয়া ।

Post a Comment

0 Comments