বিশিষ্ট সাহিত্যিক তথা, লেখক শ্ৰী চন্দ্ৰধৰ কলিতাই চুনাৰী চৰ অঞ্চল পৰিভ্ৰমণ কৰে।

 


বিশিষ্ট সাহিত্যিক তথা, লেখক শ্ৰী চন্দ্ৰধৰ কলিতাই চুনাৰী চৰ অঞ্চল পৰিভ্ৰমণ কৰে।

অসম চকাৰৰ প্ৰাক্তন প্ৰশাসনিক বিষয়া তথা অসমৰ বিশিষ্ট সাহিত্যিক, লেখক শ্ৰী চন্দ্ৰধৰ কলিতাই চুনাৰী বজাৰৰ গাতে লাগি থকা চৰ অঞ্চল সমূহ পৰিভ্ৰমণ কৰে।

শ্ৰী চন্দ্ৰধৰ কলিতাৰ লগতে সহায় সহযোগ কৰে ওৱেষ্ট গোৱালপাৰা মহাবিদ্যালয়ৰ আৰবী বিষয়ৰ প্ৰৱক্তা অধ্যক্ষ শ্বৰিফুল ইছলাম, চুনাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক আব্দুল মতলেব মজুমদাৰ, শিক্ষক শাহানুৰ ইছলাম, লেখক তথা সাংবাদিক, গোলাম ছাৰোৱাৰ মণ্ডল, অধিবক্তা আশ্ৰাফুল ইছলাম, বিশিষ্ট সমাজ সেৱক শ্বৰিফ আমিন আহামেদ, ৰামধেনু একাডেমীৰ অধ্যক্ষ কাৰিবুল ইছলামে।

চুনাৰী বজাৰৰ পৰা প্ৰায় দুই কিলোমিটাৰ চৰ খোজকাঢ়ি গৈ চৰ অঞ্চলৰ ৰাইজৰ বুজলয়। বিশিষ্ট লেখক তথা সাহিত্যিক শ্ৰী চন্দ্ৰধৰ কলিতাৰ লগত যোৱা দলটো প্ৰায় ১৫,ৰ পৰা ২০, টা পৰিয়ালৰ ঘৰত গৈ জনসাধাৰণৰ অৰ্থ, সামাজিক বিষয়ৰ ওপৰত তথ্য সংগ্ৰহ কৰে। 


বিশিষ্ট সাহিত্যিক,লেখক শ্ৰী চন্দ্ৰধৰ কলিতাই শিক্ষা, বাল্য বিবাহ আৰু বিভিন্ন ধৰণৰ গঠন মূলক কথা কৈ চৰ অঞ্চলৰ ৰাইজক সুন্দৰকৈ বুজাই দিয়াত সক্ষম হয়।

লেখক সাহিত্যিক শ্ৰী চন্দ্ৰধৰ কলিতাৰ সজাতি দলটো চৰ অঞ্চলৰ পৰিয়ালৰ লোকৰ ঘৰৰ পৰা আৰম্ভ কৰি ৰান্ধনী ঘৰলৈ সকলো ধৰণৰ তথ্য সংগ্ৰহ কৰে।

Post a Comment

0 Comments