নীলাঞ্জনা নদীৰ জোনাক (42 নং খণ্ড )
✒মঞ্জু পাৰবিন
অনিদ্ৰা, অনাহাৰে আৰু অবৰ্ননীয় মানসিক চাপেৰে নীলীই নীশাটো কটালে | পুৱা তাইৰ গাটো একেবাৰেই দূৰ্বল লাগিল | তথাপি তাই জোৰ কৰি উঠিল | ঋতুৰাজ তেতিয়াওঁ সাৰপোৱা নাছিল | নীলাই গাটো তিয়াই গোঁহাইঘৰত চাকি এগছি দিলে | ভগৱানৰ প্ৰতি প্ৰচণ্ড অভিমান জাগিল তাইৰ , চকুলোৰে দুগাল ভিজাই তাই মাথোঁ প্ৰাৰ্থনা কৰিলে "ঋতুৰাজক কুশলে ৰাখিবা প্ৰভু, তাৰ হৃদয়লৈ শান্তি ঘুৰাই দিয়া প্ৰভু |"
প্ৰাৰ্থনা কৰি উঠি তাই ঋতুৰাজৰ কাৰনে বেড টি লৈ গ'ল , চাহখিনি টেবুলৰ ওপৰত থৈ তাই তাৰ চুলিত ভয়ে ভয়ে লাহেকৈ হাত বুলাই দিলে | সি টোপনীৰ জালতে তাইক বুকুলৈ টান মাৰি আনিলে দৈনন্দিন অভ্যাসবশতঃ , আনদিনা হ'লে নীলাই কৃত্ৰিম খং কৰিলেহেঁতেন কিন্তু আজি একোৱেই নকৰিলে মাথোঁ অবাক হৈ সজল চকুৰে তালৈ চাই থাকিল | মাথোঁ খন্তেক সময় হঠাতে ঋতুৰাজৰ বাহুবন্ধন ঢিলা হ'ল আৰু তাইক ঠেলি উঠাই দিলে বুকুৰ ওপৰৰ পৰা ,তাৰ মনত পৰি গ'ল সকলো কথা | জোৰকৈ চকুদুটা মেলি মূৰটো ডাঙিবলৈ যত্ন কৰিলে সি ...
- উফ্
নীলাই তাৰ মূৰটো দাঙি দিওঁ বুলি হাতখন আগুৱাই দিওঁতে সি হাতখন সামান্য দাঙি কৈ উঠিল ...
-No, No need.
সংকুচিত হৈ আহিল নীলাৰ হাতখন তাৰ এই কৰ্কশ মাতত | তাই চাহৰ কাপটো তালৈ আগুৱাই দিলে কিন্তু সি অকনো গুৰুত্ব নিদি মুখখন আনফালে ঘুৰাই দিলে | স্থানুৰ দৰে কিছুসময় থিয় হৈ থাকি চাহৰ কাপটো টেবুলৰ ওপৰত থৈ নীলা নিঃশব্দে ওলাই আহিল |
ইতিমধ্যে ৰামুকা উঠিছিল , নীলাই পাকঘৰত সোমাই গ'ল চকলো মচি | ৰামুকাই নীলাৰ এই চেহেৰা দেখি ব্যস্ত হৈ উঠিল ,
- ৰাতি চোটে চাবে কিবা কৈছে তোমাক, কোনোদিন সি এনেকৈ মাতাল হোৱা নাছিল , সৰুৰে পৰা বোকোচাই পিঠিয়ে তুলি তাক ডাঙৰ কৰিলো | বহুত দুখত আছে ছোটে চাব | নীলাৰ হৰহৰাই আকৌ চকুলো ওলাল |
-মই সঁচাই বৰ দূৰ্ভগীয়া ৰামুকা |
- মাই নাকান্দিবা হিম্মত ৰাখা , চব ঠিক হৈ যাব" |
ৰামুকাই নীলাক চাহ বাকি বিস্কট কেইখনেৰে আগুৱাই দিলে |
- মই নাখাওঁ ৰামু কা , তুমি খোৱা | সি একো এটা এতিয়ালৈ মুখত দিয়া নাই |
- খোৱাচোন মাই , মই চোটে চাবক খুৱাম গৈ | তোমাৰ কি অৱস্থা হৈছে চোৱাচোন | মাইজীয়ে তোমাক দেখিলে গম পাই যাব তোমাৰ কিবা এটা হৈছে বুলি | খাই লোৱা , মই আছো নহয় তোমাৰ ৰামু কা , ভাঙি নপৰিবা তুমি |
অথাই জলত পৰি ককবকাই থকাজনে খেৰকুটা পালে যেনেকৈ খামুচি ধৰে তেনেকৈ ৰামুকাৰ কথাত নীলাই দুখৰ মাজতো অলপ ভৰষা পালে |
তাই বিস্কুট এটাৰে চাহখিনি খালে | গাটো যেন কঁপি আছিল নীলাৰ চাহখিনি খোৱাৰ পিছত অকনমান যেন বল আহিল গালৈ | গা-ভাৰী অৱস্থাত নাৰীৰ গা এনেই দূৰ্বল থাকে তাতে এনে মানসিক অৱস্থা তাইৰ |
(আগলৈ)

0 Comments