লক্ষীপুৰ পানীশালিত ৰাস মহোৎসৱৰ সমান্তৰালকৈ চলিছে ঝাণ্ডীমুণ্ডা জুৱা মহোৎসৱ।

 


লক্ষীপুৰ পানীশালিত ৰাস মহোৎসৱৰ সমান্তৰালকৈ চলিছে ঝাণ্ডীমুণ্ডা জুৱা মহোৎসৱ। 


ৰাজ্যজুৰি চলিছে ৰাসমহোৎসৱ। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে নাট ভাওনা আদি। একেদৰে গোৱালপাৰা জিলাৰ বিভিন্ন অঞ্চলৰ উদযাপিত হৈ আছে ৰাস মহোৎসৱ। কিন্তু তাৰে সমান্তৰালকৈ লক্ষীপুৰৰ পানীশালিত চলিছে ঝাণ্ডীমুণ্ডা জুৱা মহোৎসৱ। এক গুটি ধৰিলে তিনিগুন দিয়ে। লক্ষীপুৰ আৰক্ষীৰ নাকৰ ডগাতেই জুৱাৰীৰ দপদপনি।

গোৱালপাৰাত জুৱাখেল বন্ধ থাকিলেও একাংশ জুৱাৰীয়ে চলাই আছে জুৱাৰ ৰমৰমীয়া বেহা। লক্ষীপুৰ আৰক্ষীয়ে নিয়মিত ডিউটি কৰাৰ পাছতো আৰক্ষীৰ চকুত ধুলি দি ঝাণ্ডীমুণ্ডা জুৱা খেল চলাই আছে জিলাখনৰ পৰিচিত জুৱাৰী কেইটাই। এতিয়া ৰাইজৰ মাজত এক প্ৰশ্ন উত্থাপিত হৈছে আৰক্ষীৰ চকুত ধুলি দি জুৱাৰী সকলে জুৱাখেল পাতিছে নে আৰক্ষীক চেলেঞ্জ কৰি জুৱাৰ ৰমৰমীয়া বেহা চলাইছে। এতিয়া সচেতন মহলে প্ৰশ্ন উত্থাপন কৰিছে।

স্মাৰ্ট অসম আৰক্ষী কেৱল ডেলিভাৰী বয়ৰ ওপৰত দাদাগিৰি দেখুৱাব পাৰিলেও জুৱাৰী সকলৰ লগত যেন বলে নোৱাৰা হৈছে। আৰক্ষী যদি ডালে ডালে জুৱাৰী আকৌ পাতে পাতে। 
যোৱা নিশা লক্ষীপুৰ পানীশালিত ৰাস মহোৎসৱৰ গইনা লৈ লক্ষীপুৰ আৰক্ষীৰ নাকৰ ডগাতেই চলিল জুৱাখেল। 

গোৱালপাৰা পুলিচ প্ৰশাসনে জুৱাখেল বন্ধ কৰিলেও একাংশ দুস্কৃতিকাৰীয়ে ৰাস মহোৎসৱৰ গইনা লৈ চলাই আছে জুৱাৰ ৰমৰমীয়া বেহা। 

আজিও লক্ষীপুৰৰ পানীশালিত আৰক্ষীৰ চকুত ধুলি দি একাংশ জুৱাৰীয়ে জুৱাখেল চলাই থকাৰো গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। বিগত দেৱালীৰ পৰাই গোৱালপাৰাৰ একাংশ সাংবাদিক সকলে জুৱাখেল বন্ধ কৰিবলৈ আৰক্ষী অধীক্ষকক স্মাৰকপত্ৰ প্ৰদান কৰিছিল। তাৰ পিছৰ পৰাই যুদ্ধকালীন তৎপৰতাৰে আৰক্ষীয়ে জপিয়াই পৰিছিল জুৱাখেলৰ ওপৰত।

কালীপূজাৰ সময়ত বহু জুৱাৰ ঘাটি উৎখাত কৰাৰ লগতে জুৱাৰ সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ।
তেতিয়াৰ পৰাই জুৱাখেল প্ৰায় বন্ধ হৈ পৰিছিল। কিন্তু তাৰ মাজতেই একাংশ ধুৰন্ধৰ জুৱাৰীয়ে ছেগ বুজি চলাই আহিছে জুৱাখেল।


Post a Comment

0 Comments