ক্বোৰআন শ্বৰীফত কিবা ভুল আছেনেকি ?

ক্বোৰআন শ্বৰীফত কিবা ভুল আছেনেকি ?


ক্বোৰআন শ্বৰীফত কিবা ভুল আছেনেকি ? সত্যৰঞ্জন বৰাই কোৱাৰ দৰে ইছলাম ধৰ্মী গ্ৰন্থ পৱিত্ৰ ক্বোৰআন শ্বৰীফত কিবা ভুল-ত্ৰুটী থকা হলে সেয়া কাহানিবাই প্ৰকাশ পালেহেতেন। ঈশ্বৰ প্ৰদত্ত গ্ৰন্থ আল ক্বোৰআনৰ আয়াত (শ্লোক)ৰ ভাঙনি বা তৰ্জমা কৰা ইমান সহজসাধ্য নহয় যে, দুই-চাৰিদিন অধ্যয়ন কৰিয়েই তাৰ ভাৱাৰ্থ বুজি পোৱা যাব। স্হান, কাল, পাত্র ভেদ অনুসৰি আৰবী ভাষাত নাছিল (অৱতীৰ্ণ) হৈছিল পৱিত্ৰ ক্বোৰআনৰ।

কেতিয়াবা এক আয়াত কেতিয়াবা দুই আয়াত কেতিয়াবা তিনি আয়াত এনকৈ দীর্ঘ ২৩ টা বছৰত নাজিল (অৱতৰণ) হোৱা ঈশ্বৰ প্ৰদত্ত ক্বোৰআন মজিদৰ প্ৰতিটো আয়াত (শ্লোক) নাজিল হৈছিল যিকোনো বিশেষ কাৰণবশতঃ বা পৰিবেশ পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি। বিশেষকৈ যেতিয়া ধৰ্ম সংকট তথা অন্যায়, অত্যাচাৰ, অনাচাৰ, ব্যভিচাৰ, দুৰ্নীতি-ভ্ৰষ্টাচাৰ, জাতিগত বৈষম্য, কলা-বগা কিংবা উচ্চ-নীচৰ ভেদভাৱ, অসহিষ্ণুতা, সাম্প্ৰদায়িকতাবাদ, মানৱীয়তাৰ অৱক্ষয়, হিংসা, ঘৃণা, নিন্দা, ইৰ্ষা, শত্ৰুতা, পৰচৰ্চা, ধৰ্ষণ, হত্যা, নাৰী নিৰ্যাতন, ভ্ৰুণ হত্যা, গৰ্ভপাত, চুৰি-ডকাইতি, ঠগ-প্ৰৱঞ্চনা, মদ্য পান, জুৱা খেলকে ধৰি অন্যান্য সৰু-বৰ ঘটনা-পৰিঘটনা তথা বিভিন্ন সমস্যাসমূহৰ আশু সমাধানাৰ্থে মহাপুৰুষ হজৰত মহম্মদ (ছঃ)ৰ ওপৰত নাজিল হৈছিল ক্বোৰআন শ্বৰীফ। গতিকে ঐশ্বৰিক গ্ৰন্থ পৱিত্ৰ ক্বোৰআনৰ এটা বা দুটা আয়াত (শ্লোক)ৰ শব্দাৰ্থ লৈ বিতর্ক কৰাটো মুৰ্খামি বাহিৰে আন একো নহয়।

১১৪ ছুৰা আৰু ৬৬৬৬ আয়াতৰ শ্বানে নূজূল বা অলৌকিক গ্রন্থখনৰ আয়াত (শ্লক) নাজিল (অৱতৰণ)ৰ কাৰণ পুঙ্খানুপুঙ্খ ভাৱে আৰু সম্পূৰ্ণ ব্যাখ্যা সহকাৰে পঢ়িলেহে ইয়াৰ অন্তৰ্নিহিত ভাৱাৰ্থ বুজিব পৰা যাব।

যি দেখা গৈছে ২০১৯'ৰ পৰাই ধাৰাবাহিকভাৱে, প্ৰতিনিয়ত সত্যৰঞ্জন বৰা নামৰ অপৰিপক্ক জ্ঞানী ব্যক্তি এগৰাকীয়ে সস্তীয়া জনপ্ৰিয়তা লাভৰ আশাত পৱিত্ৰ ক্বোৰআনৰ অপপ্ৰচাৰ কৰি থকা দেখা গৈছে।

ইছলাম, ক্বোৰআন, মুছলমান আৰু পয়গম্বৰ হজৰত মহম্মদ (ছঃ)ক টাৰ্গেট কৰি এটাৰ পিছত এটা অপমানসূচক তথা আপত্তিজনক মন্তব্যৰে এটা বিশেষ ধৰ্মাৱলম্বী লোকৰ আবেগ অনুভূতিত আঘাত কৰি গৈছে তেওঁ।

২০১৯'ত পৱিত্ৰ ক্বোৰআনৰ ভুল ব্যাখ্যাৰে এখন পুস্তিকাও প্ৰকাশ কৰি উন্মোচন কৰিছিল তেওঁ, যাকলৈ পৰৱৰ্ত্তী সময়ত সৃষ্টি হোৱা বিতৰ্ক মাৰ নাযাওঁতেই মাত্ৰ কিছুদিনৰ ব্যৱধানত সত্যৰঞ্জন বৰাৰ বিতৰ্কিত কিতাপখনৰ প্ৰতিটো পৃষ্ঠাৰ মোক্ষম জবাব দি ইছৰা নামৰ সংস্থাটোৱে আন এখন কিতাপ লিখি উলিয়াইছিল।

হাফিজ তথা মৌলানা হিদায়াতুল ৱাদুদ কাচিমীৰ সম্পাদনাত প্ৰকাশ কৰি উলিওৱা "ভ্ৰান্তি ভংগ" নামৰ গ্ৰন্থখন গুৱাহাটী প্ৰেছ ক্লাৱত এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত উন্মোচন কৰা হৈছিল। হয় ধৰ্ম, সমাজ তথা ৰাষ্ট্ৰৰ হকে যিয়ে যি কিতাপ লিখিব বিচাৰে লিখিব পাৰে তাত কাৰো কবলৈ কবলগীয়া একো নাই কিন্তু কোনেওঁ কাৰো আস্থা, বিশ্বাস তথা ধৰ্মীয় অনুভূতিত আঘাত দি কোনো গ্ৰন্থ প্ৰকাশ কৰা কেতিয়াও উচিত নহয়।

আজি আমাৰ শান্তিপ্ৰিয় একতাৰ সমাজখন ভাঙোনৰ দিশে গতি কৰিছে, অপৰাধ-অপকৰ্ম তথা অসামাজিক কাৰ্যকলাপ মাত্ৰাধিক বৃদ্ধি পাবলৈ ধৰিছে, উন্নয়নৰ গতি স্তব্ধ হবলৈ ধৰিছে, নিচাজাতীয় দ্ৰব্যই ছানি ধৰিছে সমগ্ৰ ৰাজ্য, বৰ্বাদ হবলৈ গৈ আছে আমাৰ যুৱপ্ৰজন্ম আৰু ধংসৰ পিনে গতি কৰিছে অসমীয়া ভাষা, সাহিত্য, সংস্কৃতি! এনেহেন সন্ধিক্ষণত আমাৰ কৰণীয় কি হোৱা উচিত আছিল? এয়া সকলোৱে অনুধাৱন কৰি কাৰ্যপন্থা হাতত লোৱাটো হ'ব জীৱশ্ৰেষ্ঠ মনুষ্য জাতিৰ মহান, সময়োচিত আৰু বুদ্ধিমত্তাৰ কাম। ঈশ্বৰ-আল্লাহে কৰক সকলোৰে শুভবুদ্ধি উদয় হওঁক।—

*জুলহাছ আলী আহমেদ*

*জাগীৰোড, মৰিগাঁও (অসম)*

*দূৰভাষঃ ৯৭০ ৬৬৬৬ ১৯২*

Post a Comment

0 Comments