লক্ষীপুৰত হত্যাকান্ড: চহৰৰ মাজমজিয়াত উদ্ধাৰ যুৱকৰ মূতদেহ

 লক্ষীপুৰত হত্যাকান্ড:
চহৰৰ মাজমজিয়াত উদ্ধাৰ যুৱকৰ মূতদেহ


নুৰ আমিন, চুনাৰী- এবিপি অসম
গোৱালপাৰা জিলাৰ লক্ষীপুৰ চহৰৰ কলেজ নগৰত (মিলন নগৰ) আজি পূৱা এগৰাকী যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জনা মতে কলেজ নগৰৰ মিলন নগৰৰ বাসিন্দা কেফাত আলীৰ পুত্ৰ মণিদুল হক (২২) অইন দিনাৰ দৰে যোৱা কালিও সন্ধিয়া ঘৰৰ পৰা ওলাই গৈছিল।

নিশা দহ বজালৈ ঘৰলৈ উভতি  নোযোৱাত পৰিয়ালৰ লোকে বিচাৰ খোচাৰ কৰে। পিছত মণিদুল হকক নাপাই ঘৰলৈ ঘুৰি যায়। পিছে আজি ৰাতিপূৱা ঘৰৰ সমীপতে কলেজৰ কাষত  থকা পানী টেংকীৰ তলত মণিদুল হকৰ ক্ষত বিক্ষত মৃতদেহ ৰাইজে প্ৰত্যক্ষ কৰাত এক হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি হয়। 

মণিদুল হকৰ ডাঙৰ ভাতৃ এগৰাকীয়ে  কয় যে কোনো অচিনাক্ত দুৰ্বৃত্তই মণিদুলক পূৰ্বপৰিকল্পিত ভাবে অইন কোনো স্থানত হত্যা কৰি পানীৰ টেংকীৰ কাষত পেলাই থৈ যায়।

আজি ৰাতিপূৱা ৮ মান বজাত লক্ষীপুৰ থানাৰ পৰা মাথো দুই শ মিটাৰ মান আঁতৰত পৰি থকা মণিদুল হকৰ মৃতদেহটো থানা লৈ আনে আৰু পিছত মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ টো গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰন কৰে।

লক্ষীপুৰ নগৰৰ মাজমজিয়াৰ এই ৰহস্যজনক হত্যাকান্ডই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Post a Comment

0 Comments