বৰ্ব্বৰ, জঘণ্য, অমানৱীয়...!
মানুহ এজন কিমান নিৰ্দয়, নিষ্ঠুৰ হলে এনেকুৱা বৰ্ব্বৰ, জঘণ্য আৰু অমানৱীয় কাণ্ড সংগঠিত কৰিব পাৰে? কিমান পাষণ্ড হলে মৃতদেহ এটাৰ ওপৰত জপিয়াই পৰিব পাৰে? নিথৰ দেহ এটাক টানি-চোঁচোৰাই প্ৰচণ্ড গোৰ আৰু লাঠীৰে শিলাবৃষ্টিৰ দৰে ধাৰাসাৰ কোব শোধাব পাৰে? হয়, তেনেকুৱাই এক হৃদয়বিদাৰক ঘটনা সংঘটিত হৈছে গৰুখুঁটিত। আৰক্ষীৰ গুলীত ধলি পৰা নিথৰ দেহ এটাৰ ওপৰত জপিয়াই পৰিছিল এগৰাকী মানৱৰূপী দানৱে। নিষ্ঠুৰতাৰ সকলো সীমা চেৰাই গৈ মৃতদেহটোৰ ওপৰত চলাই গৈছিল এটাৰ পিছত এটা নিৰ্যাতন, যেন তালিবানৰ বৰ্ব্বৰতাকো চেৰ পেলাই দিলে।
উল্লেখ্য যে, ছিপাঝাৰৰ ধলপুৰ অঞ্চলৰ প্ৰায় ৭০০০০ বিঘা চৰকাৰী ভূমিত একাংশ বেদখলকাৰী লোকে বছৰ বছৰ ধৰি অবৈধভাৱে বসবাস কৰি আছে। পূৰ্বৰ সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰৰ কাৰ্যকালত এই বেদখলীকৃত ভূমি বেদখলমুক্ত কৰাৰ প্ৰয়াস আৰম্ভ কৰি প্ৰায় ১৮০ বিঘা ভূমিক বেদখলমুক্ত কৰা হৈছিল৷ পৰৱৰ্তী সময়ত বৰ্তমানৰ মিত্ৰজোঁট চৰকাৰৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতাত বিধায়ক পদ্ম হাজৰিকাক অধ্যক্ষ হিচাপে লৈ এখন চাৰিজনীয়া সমিতি গঠন কৰি উক্ত ভূমিত গৰুখুঁটি প্ৰকল্প নামেৰে এক বৃহৎ আঁচনি গ্ৰহণ কৰা হৈছে আৰু এই আঁচনিৰ নামত বাজেটত কৃষি বিপ্লৱ গঢ়িবলৈ পুঁজি আৱণ্টন দিছে।
শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ নিৰ্দেশত দৰং জিলা প্ৰশাসনে যোৱা কেইবাদিন ধৰি উল্লিখিত স্থানত উচ্ছেদ অভিযান চলাই ধলপুৰৰ প্ৰায় ৩০০০ বিঘা ভূমি বেদখলমুক্ত কৰিবলৈ সক্ষম হৈছে৷ এই ক্ষেত্ৰত দৰং জিলা প্ৰশাসনৰ লগত স্থানীয় ৰাইজ তথা আমছুৰ নেতৃত্বৰে হোৱা আলোচনা মৰ্মে স্বইচ্ছাৰে সকলোৱে বেদখলীকৃত ভূমি এৰি দিয়াৰ সিদ্ধান্তৰ বাবে উচ্ছেদ অভিযান শান্তিপূৰ্ণ ভাৱে চলাৰ পৰিবেশ সৃষ্টি হৈছিল৷ কিন্তু এই সকলো শান্তিপূৰ্ণ সিদ্ধান্তৰ বিৰুদ্ধে কালি এচাম দুষ্কৃতিকাৰীয়ে উচ্ছেদৰ বাবে যোৱা পুলিচ প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিৰোধ গঢ়ি তোলো। প্ৰথমে তৰ্কাতৰ্কি তাৰ পাছত হতাহতি শেষত গৈ কুৰুক্ষেত্ৰলৈ পৰিনত হয় গৰুখুঁটি। আক্ৰমণ-প্ৰতি আক্ৰমণত দুজনকৈ সাধাৰণ লোক নিহত হোৱাৰ লগতে এই আক্ৰমণত ১১ জনকৈ আৰক্ষীৰ লোকো আহত হৈছে। জানিব পৰা মতে ৫ জন আৰক্ষী জোৱানৰ অৱস্থা গুৰুতৰ।
প্ৰসংগত উল্লেখ্য যে, এই আক্ৰমণ-প্ৰতি আক্ৰমণৰ ঘটনাক কোনো পধ্যেই সহজ ভাৱে ল'ব নোৱাৰি৷ এই আক্ৰমণ আৰু প্ৰতি আক্ৰমণৰ আঁৰত নিসন্দেহে কোনো তৃতীয় শক্তিৰ গভীৰ ষড়যন্ত্ৰ লুকাই থাকিব পাৰে।_
প্ৰসংগত; অসমৰ শান্তিকামী কোনো এজন ব্যক্তিয়ে সংঘাত নিবিচাৰে। সকলোৱে শান্তি আৰু অধিকাৰ বিচাৰে৷ যেনেদৰে আৰক্ষীৰ ওপৰত হোৱা আক্ৰমণ গ্ৰহণযোগ্য নহয় ঠিক তেনেদৰে সাধাৰণ নাগৰিকৰ ওপৰত কৰা আক্ৰমণো কোনো কাৰণতেই গ্ৰহণযোগ্য হ'ব নোৱাৰে।
আমি উচ্ছেদ বিৰোধী নহয় যদিও ক'ৰোণা কালৰ এই জটিল সন্ধিক্ষণত ধৰ্মনিৰপেক্ষ, প্ৰগতিকামী, শান্তিপূৰ্ণ ৰাষ্ট্ৰ এখনৰ চৰকাৰে অন্ন, বস্ত্ৰ আৰু বাসস্থান সুনিশ্চিত নকৰাকৈ মজলুম নাগৰিকক অন্যায় তথা অমানৱীয়ভাৱে চলোৱা উচ্ছেদৰ তিব্ৰ বিৰোধিতা কৰাৰ স্থল অৱশ্যেই আছে।—
জুলহাছ আলী আহমেদ
জাগীৰোড, মৰিগাঁও (অসম)
দূৰভাষঃ ৯৭০৬৬-৬৬১৯২
0 Comments