গোৱালপাৰা চহৰৰ মৰিয়ম নগৰৰ এ আই ইউ ডি এফ নেতা আব্দুল হাই ৰাইজৰ ৰোষত
জাকিৰ হুছেইন, গোৱালপাৰা-
গোৱালপাৰা চহৰৰ মৰিয়ম নগৰৰ এ আই ইউ ডি এফ নেতা আব্দুল হাই ৰাইজৰ ৰোষত । আব্দুল হাই মুৰ্দাবাদ ধ্বনিৰে পৰিবেশ উত্তাল । অৱশেষত ৰাইজৰ ৰোষৰ পৰা পলাই পত্ৰং দিয়ে আব্দুল হাই।
তলৰ ফটোখন ভালকৈ চাওঁ কোন এই আব্দুল হাই?
এওঁৰ নাম আব্দুল হাই, বদৰুদ্দিন আজমল সাংসদ হোৱাৰে পৰা সাংসদৰ নমিনি থাকি কেৰোনেৰে ধন চপোৱাৰ অভিযোগ আছে এওঁৰ ওপৰত।
কদৰ্যময় ৰাস্তাত স্থানীয় যুৱক সকলে চাদা বৰঙণিৰ টকাৰে পেলাই আছিল মাটি, তাতেই খৰ্গহস্ত হৈ পৰে আব্দুল হাই আৰু মাটি পেলোৱাক বাধা প্ৰদান কৰে ৰাইজো কম নহয়, মুহুৰ্ততে ৰাস্তালৈ ওলাই আহিল শ শ পুৰুষ মহিলা। কিন্তু সদলবলে কিয় ওলাই আহিল পুৰুষ মহিলা তাৰেই কিছু দৃশ্যাংশ দেখাইছো ।
এই ৰাস্তাটো সৌ সিদিনালৈ একাঠু বোকাৰে লুটুৰি পুতুৰি আছিল। মৰিয়ম নগৰৰ একাংশ যুৱকে চান্দা পাতি সংগ্ৰহ কৰি ৰাস্তাটো মেৰামতি কৰি আছিল। মাটিয়া ৰোডৰ পৰা আব্দুল হাইৰ ঘৰ পৰ্যন্ত ৰাস্তাটো পঞ্চায়তৰ আচনিৰ অধীনত কাম কৰিলেও গাৱৰ ভিতৰৰ ৰাস্তা আৰু ৰাইজৰ দুখ দুৰ্গতিৰ খবৰ লবলৈ আহৰি নাই আব্দুল হাইৰ। কিন্তু এই গৰাকী আব্দুল হাই নামৰ লোক গৰাকী আকৌ এ আই ইউ ডি এফ দলৰ পৰা টিকটৰ দাবীদাৰ আছিল, কিন্তু নাপালে টিকট খালে মূখ থেকেচা।
ইফালে ৰাইজৰ চান্দা বৰঙণিৰ টকাৰে ৰাস্তাৰ কাম কৰা কাৰ্যক উদ্দেশ্য প্ৰণোদিতভাবে বাধা দিয়া বুলি অভিযোগ উত্থাপিত কৰিলে স্থানীয় ৰাইজে। আজি পুৱাই স্থানীয় ৰাইজে কদৰ্যময় ৰাস্তাত মাটি পেলোৱাৰ সময়ত আব্দুল হাই ঘৰৰ পৰা ওলাই আহি প্ৰথমে গাড়ী চালকক বাধা দিয়ে আৰু এই মাটি গোৱালপাৰা পূৱ সমষ্টিৰ অসম গণ পৰিষদ দলৰ বিধায়ক প্ৰাৰ্থীয়ে পেলাই আছে বুলি এক অপপ্ৰচাৰ চলায়।
মুহুৰ্ততে কথাটো বিয়পি পৰাত জাঙুৰ খাই উঠে স্থানীয় ৰাইজ আৰু একাংশ যুৱকে আব্দুল হাইক পশুখেদা দিয়ে বুলি জানিব পৰা গৈছে। স্থানীয় শ শ পুৰুষ মহিলা ওলাই আহি মৰিয়ম নগৰৰ পথ অৱৰোধ কৰি আব্দুল হাই মুৰ্দাবাদ, দালাল আব্দুল হাই গোবেক, আব্দুল হাইৰ দালালি নচলিব ধ্বনিৰে পৰিবেশ উত্তাল কৰি তোলে ।
ৰাইজৰ বৰঙণিৰে মেৰামতি কৰা ৰাস্তাৰ কামক আব্দুল হাই কিয় বাধা দিবলৈ আহিল সেইলৈ ৰাইজৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
তাৰোপৰি গাৱৰ তিনিআলিৰ মূৰত দিবলগীয়া পঞ্চায়তৰ চোলাৰ লাইট আব্দুল হাইৰ নিজৰ ঘৰৰ চৌহদত স্থাপন কৰাত জাঙোৰ খাই উঠিছে স্থানীয় ৰাইজে। অচিৰেই উক্ত ছোলাৰ লাইটটো আব্দুল হাইৰ ঘৰৰ পৰা স্থানান্তৰ কৰি ৰাজহুৱা স্থানত স্থাপন কৰিব লাগে বুলি ৰাইজে দাবী জনায়।
0 Comments